অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকসংস্কৃতি

মহালয়া উপলক্ষে কোকৰাঝাৰত বিপিএফৰ মুখ্য কাৰ্য্যলয়ত উখল মাখল পৰিবেশ! অনুষ্ঠানত উপস্থিত প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

আজি পৱিত্ৰ মহালয়া, ধাৰাৰ বুকলৈ নামিল মা দুৰ্গা! ৰাজ্যৰ চৌদিশে দেৱীক আদৰাৰ ব্যাপক প্ৰস্তুতি। সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ বিপিএফৰ মুখ্য কাৰ্য্যলয়তো এক উখল মাখল পৰিবেশ! বিপিএফৰ জিলা যুৱ বেংগলী কোষৰ উদ্যোগত পৱিত্ৰ মহালয়ৰ বাবে প্ৰায় ২০০তকৈ অধিক আৰ্থিক ভাৱে পিছপৰা লোকক ভোজনৰ ব্যৱস্থা কৰা হয়। তাৰ লগতে কোকৰাঝাৰ সদৰৰ ৰাজপথত থকা লোক সকলোকে ভোজনৰ ব্যৱস্থা কৰাৰ কথা যুৱ বেংগলী কোষে সদৰি কৰে। ! এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম উপস্থিত থাকি তেওঁ কয় যে, আগন্তুক লোকসভাত কোকৰাঝাৰত বিপিএফৰ জয় নিশ্চিত, কিয়নো পৰিৱৰ্তনৰ শ্লোগানেৰে বৰ্তমান চৰকাৰখনে যি কাম কৰিব লাগিছিলে সেয়া হৈ উঠা নাই। আনহাতে এই অনুষ্ঠানত কোকৰাঝাৰ যুৱ মৰ্চাৰ সভাপতি প্ৰহ্লাদ ব্ৰহ্মসহ অন্য নেতা–কৰ্মীও উপস্থিতথাকে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.