SocialSocial Networkঅপৰাধঅসমআঞ্চলিক

আৰক্ষীৰ জালত ক’কেইন পাৰ্টীৰ মূল অভিযুক্ত বিশাল চৌধুৰী

১৫ আগষ্টৰ পুৱতি নিশা ৰেভ পাৰ্টীৰ আয়োজন কৰি কোকেইন-হেৰ'ইনৰ যোগান ধৰিছিল অভিযুক্ত বিশাল চৌধুৰীয়ে

মহানগৰৰ ৰিভাৰিয়া এপাৰ্টমেণ্টৰ ক’কেইন পাৰ্টীৰ মূল অভিযুক্ত বিশাল চৌধুৰীক গ্ৰেপ্তাৰ। মহানগৰ আৰক্ষীয়ে নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে বিশাল চৌধুৰীক।

মহানগৰ আৰক্ষীৰ লতাশিল থানা আৰু ক্ৰাইম ব্ৰান্সে চলাইছিল অভিযান। দিল্লীৰ পৰা গুৱাহাটীলৈ কোৰিয়াৰ চাৰ্ভিছযোগে ড্ৰাগছ সৰবৰাহ কৰিছিল বিশালে।

উল্লেখযোগ্য যে, ১৫ আগষ্টৰ পুৱতি নিশা ৰেভ পাৰ্টীৰ আয়োজন কৰি কোকেইন-হেৰ’ইনৰ যোগান ধৰিছিল অভিযুক্ত বিশাল চৌধুৰীয়ে। মহানগৰ আৰক্ষীয়ে খাৰঘূলীৰ এটা এপাৰ্টমেন্টৰ পৰা ড্ৰাগছসহ আটক কৰিছিল কেইবাগৰাকী যুৱক-যুৱতীক।

অৱশেষত, শনিবাৰে আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি বিশেষ অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহানগৰ ৰেভ পাৰ্টীৰ ড্ৰাগছ সৰবৰাহৰ মাষ্টাৰমাইণ্ড বিশাল চৌধুৰীক।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.