আন্তঃৰাষ্ট্ৰীয়

‘মা এয়া বহুত কঠিন’, মৃত্যুৰ পূৰ্বে মাতৃলৈ অন্তিম মেছেজ ৰাছিয়ান সৈন্যৰ…

২৮ ফেব্ৰুৱাৰীৰ দিনটোত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত চাৰ্জি কিচলিষ্টিয়াই ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ঘোষণা কৰে এই কথা।

অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষ। ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হোৱা ইউক্ৰেইনত চলিছে ইউক্ৰেইনৰ নাগৰিকৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ প্ৰাণ ৰক্ষাৰ যুঁজ।

 

ইউক্ৰেইনত ৰাছিয়ান সেনাৰ অভিযানত জড়িত থকা এজন ৰাছিয়ান সৈনিকে নিজৰ মৃত্যুৰ পূৰ্বে মাতৃলৈ পঠিয়ালে অন্তিমটো মেছেজ-‘মা এয়া বহুত কঠিন’। ২৮ ফেব্ৰুৱাৰীৰ দিনটোত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত চাৰ্জি কিচলিষ্টিয়াই ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ঘোষণা কৰে এই কথা।

মৃত্যুৰ পূৰ্বে সৈনিকজনে মাতৃক তেওঁ ভয়ত থকাৰ কথাও উল্লেখ কৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত কিচলিষ্টিয়াই অধিৱেশনত পঢ়ি শুনায় ৰাছিয়ান সেনাই মাতৃলৈ পঠিওৱা মেছেজটো। য’ত লিখা আছিল-

“মামা, মই ইউক্ৰেইনত আছো। ইয়াত এখন প্ৰকৃত যুদ্ধ চলি আছে। মই যথেষ্ট ভয়ত আছো। আমি সকলো চহৰতে একেলগে বোমা বিস্ফোৰণ কৰি আছো, আনকি সাধাৰণ লোককো লক্ষ্য কৰি আমি বোমা নিক্ষেপ কৰিছো। আমাক কোৱা হৈছিল যে ইউক্ৰেইনৰ নাগৰিকে আমাক স্বাগতম জনাব আৰু আমাক পাৰ হ’বলৈ নিদিয়ে। তেওঁলোকে আমাক ফেচিষ্ট বুলি কয়। মামা এইটো ইমান কঠিন।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.