অসমগুৱাহাটী
Trending

ৰাজ্যজুৰি ‘নিযুত মইনা আঁচনি ২.০’ৰ প্ৰ-পত্ৰ বিতৰণ আৰম্ভ

এই আঁচনিৰ সুবিধা ২০২৪-২৫ শিক্ষাবর্ষত প্ৰায় ১.৬০ লাখ ছাত্ৰীয়ে লাভ কৰিছিল

আজিৰে পৰা ৰাজ্যজুৰি ‘নিযুত মইনা আঁচনি ২.০’ৰ প্ৰ-পত্ৰ বিতৰণ আৰম্ভ ।ৰাজ্যৰ প্ৰায় ৪ লাখ ছাত্ৰীক এই আঁচনিৰ অন্তৰ্গত মাহিলী আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। সোমবাৰে ৰাজ্যজুৰি ৩৮০ৰো অধিক স্থানত বিতৰণ কৰা হয় এই আবেদন পত্ৰ।

এই আঁচনিৰ সুবিধা ২০২৪-২৫ শিক্ষাবর্ষত প্ৰায় ১.৬০ লাখ ছাত্ৰীয়ে লাভ কৰিছিল।

এই আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীসকলে প্ৰতি মাহে লাভ কৰিব ১০০০ হাজাৰকৈ টকা ইয়াৰ  সমান্তৰালকৈ স্নাতকৰ ছাত্ৰীসকলে প্ৰতি মাহে লাভ কৰিব ১২৫০টকা আনহাতে স্নাতকোত্তৰ আৰু বি.এড ছাত্ৰীসকলে প্ৰতি মাহে লাভ কৰিব ২৫০০টকাকৈ।এই আঁচনিৰ মূল উদ্দেশ্য হ’ল ছাত্ৰীৰ শিক্ষাগত যাত্ৰাক আৰ্থিকভাৱে সমর্থন কৰা আৰু তেওঁলোকক উচ্চশিক্ষালৈ উৎসাহিত কৰা।নিযুত মইনা আঁচনি ২.০ক লৈ ৰাজ্যজুৰি উৎসাহ দেখা গৈছে আৰু অভিভাৱকসকলে হিমন্ত বিশ্ব শৰ্মা তথা চৰকাৰৰ এই পদক্ষেপক শিক্ষাৰ প্ৰচলনৰ ক্ষেত্ৰত অতি ইতিবাচক বুলি মন্তব্য কৰিছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.