SocialSocial Networkঅসমখেল

‘গাঁৱলীয়া বাটেৰে, লুইতৰ ঘাটেৰে লাভলীনাৰ বিশ্বজয়ী যাত্ৰা’, পথাৰত ব্যস্ত অসম কন্যা

আচলতে লাভলীনা বুলি ভাইৰেল হোৱা ফটোখন লাভলীনাৰ নহয়, হয় তেখেতৰ ভতিজাকৰ

টকিঅ’ত জিলিকিছে অসম কন্যা লাভলীনা বৰগোঁহাই। ৩০ জুলাইত বক্সিং ৰিঙৰ ভিতৰত চাইনীজ টাইপেৰ খেলুৱৈক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় বক্সাৰগৰাকীয়ে।

কিন্তু শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন ফটো। হাতত কঁঠীয়া লৈ পথাৰত ফটোৰ বাবে প’জ দিছে লাভলীনাই। ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাই নহয়, অসমৰ আগশাৰীৰ অসমীয়া বাতৰিকাকত অসমীয়া প্ৰতিদিন কাকততো ‘গাঁৱলীয়া বাটেৰে, লুইতৰ ঘাটেৰে লাভলীনাৰ বিশ্বজয়ী যাত্ৰা’ Caption দি প্ৰকাশ হ’ল সেই বিশেষ ফটো। তেতিয়ালৈকে সকলো থিকেই আছিল।

অসমীয়া প্ৰতিদিনত মিছাকৈ প্ৰকাশ পোৱা লাভলীনাৰ ফটো
অসমীয়া প্ৰতিদিনত মিছাকৈ প্ৰকাশ পোৱা লাভলীনাৰ ফটো

কিন্তু তাৰপাছতেই এই ফটোখনক লৈ সৰৱ চৰ্চা ছ’চিয়েল মিডিয়াত। ফটোখনৰ গৰাকী দীপিকা কোঁৱৰে কয় যে, আচলতে লাভলীনা বুলি ভাইৰেল হোৱা ফটোখন লাভলীনাৰ নহয়, হয় তেখেতৰ ভতিজাকৰ। আনকি এই ফটো অসমীয়া প্ৰতিদিনেও লাভলীনাৰ বুলি প্ৰকাশ কৰাক লৈও দুখ প্ৰকাশ কৰে দীপিকা কোঁৱৰে।

পথাৰত ব্যস্ত অসম কন্যা, বক্সাৰ লাভলীনা
পথাৰত ব্যস্ত অসম কন্যা, বক্সাৰ লাভলীনা

মহিলাগৰাকীৰ ফেচবুক পোষ্টৰ পাছতেই অসমীয়া বাতৰিকাকতখনে অনিচ্ছাকৃত ভুল স্বীকাৰ কৰে আৰু দুখ প্ৰকাশ কৰি ক্ষমা বিচাৰে। লগতে এই বিষয়ে সমালোচনা নকৰি কথা ইয়াতেই শেষ কৰিবলৈ অনুৰোধ জনায় দীপিকা কোঁৱৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.