অসমজীৱনশৈলীৰাজনৈতিক

প্ৰাক্তন বিৰোধী বিধায়ক সুশান্ত বৰগোঁহাইৰ আপোন হ’ল বিজেপি দল

মুখ্যমন্ত্ৰীৰ বাসগৃহত সুশান্ত বৰগোঁহাইক অভিনন্দন জনোৱাৰ সময়ত উপস্থিত থাকে মন্ত্ৰী পীয়ূষ হাজৰিকা

বহু জল্পনা-কল্পনাৰ ওৰ পেলাই অৱশেষত গেৰুৱা বসন পিন্ধিলে সুশান্ত বৰগোঁহায়ে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসগৃহত উপস্থিত হয় থাওৰাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহাই। ফুলৰ টোৰা আৰু গামোচাৰে বৰগোঁহাইক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।

দেওবাৰে, মুখ্যমন্ত্ৰীৰ বাসগৃহত সুশান্ত বৰগোঁহাইক অভিনন্দন জনোৱাৰ সময়ত উপস্থিত থাকে মন্ত্ৰী পীয়ূষ হাজৰিকা।
মিঠাই খুৱাই সুশান্ত বৰগোহাঁইক বিজেপিলৈ স্বাগতম জনায় হিমন্ত বিশ্ব শৰ্মাই। সুশান্ত বৰগোহাঁইৰ আগমনে বিজেপি দলক অধিক শক্তিশালী কৰি তুলিব বুলি আশাবাদী বিজেপিৰ নেতা-কৰ্মীসকল। দেওবাৰে বিজেপি কাৰ্যালয়ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে সুশান্তই।

সুশান্ত বৰগোঁহাইৰ বিজেপিত যোগদানৰ পাছতে বিজেপিলৈ স্বাগতম জনায় থাওৰা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে। কুশল দুৱৰী সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

উল্লেখযোগ্য যে, শনিবাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পাছতে এতিয়া থাওৰা সমষ্টিত সুশান্ত বৰগোঁহাইৰ কি স্থিতি হ’ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button