জীৱনশৈলীভাৰতস্বাস্থ্য

“ঠাকুৰ সজ্জন সিঙ”ৰ দেহাৱসান

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত দেওবাৰে দেহাৱসান হয় অনুপম শ্যামৰ

ভাৰতীয় ছবিজগত আৰু টেলিভিছনৰ এক পৰিচিত নাম অনুপম শ্যাম৷

বিশেষকৈ ষ্টাৰ প্লাছত বহু প্ৰচাৰিত এখন ধাৰাবাহিক ‘প্ৰতিজ্ঞা’ৰ সজ্জন সিঙৰ ভূমিকাত অভিনয় কৰি এই অভিনেতিজন অতি জনপ্ৰিয় হৈ পৰিছিল। বেছিভাগ খলনায়কৰ ভূমিকাত অভিনয় কৰা অনুপম শ্যামে দৰ্শক তথা অনুৰাগীৰ মাজত বিশেষ সমাদৰ লাভ কৰিছিল অভিনেতাগৰাকীয়ে৷

১৯৫৭ চনৰ ২০ ছেপ্তেম্বৰত প্ৰতাপগড়ত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকীয়ে অভিনয়ৰ জগতখনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে কেইবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷

অভিনয় জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অনুপম শ্যামৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত দেওবাৰে নিশা 63 বছৰ বয়সত দেহাৱসান ঘটে৷ অভিনেতা গৰাকীয়ে জীৱনৰ শেষৰ সময়চোৱা বৃক্কজনিত জটিলতাত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল ৷ মুম্বাইস্থিত লাইফ লাইন হাস্পতালত অভিনেতাগৰাকীৰ মৃত্যু ঘটে ৷ বিশিষ্ট অভিনেতাগৰাকীৰ শৰীৰৰ বহু অংগ নিস্ক্ৰিয় হৈ পৰিছিল৷ অভিনেতাগৰাকীৰ মৃত্যু ভাৰতীয় ছবি তথা টেলিভিছন জগতৰ বাবে অপূৰণীয় ক্ষতি৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.