জীৱনশৈলীস্বাস্থ্য

আপুনি জানেনে এটা জোৰকৈ মৰা হাঁহি হ’ব পাৰে সংক্রামক

হাঁহক আৰু হাঁহিবলৈ দিয়ক

আপুনি জানেনে এটা জোৰকৈ মৰা হাঁহি হ’ব পাৰে সংক্রামক৷

অৱশ্যে আন বেমাৰৰ সংক্রমণে বিপদত পেলোৱাৰ বিপৰীতে খোলা হাঁহিয়ে সুখৰ অনুভৱ বঢ়াই আনন্দ প্ৰদান কৰে।

এজনে খোলাকৈ মৰা হাঁহি ওচৰত থকা আনজনলেও খোচৰে। সংক্রামিত এই হাঁহিয়ে আপোনাৰ শৰীৰৰ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলে, শক্তিৰ সঞ্চাৰ ঘটোৱাৰ লগতে শাৰীৰিক আৰু মানসিক বিষ অনুভুতিবোৰো কমাই ৰাখে। জোৰকৈ মৰা এটা হাঁহিয়ে প্রায় ৪৫ মিনিটলৈ আপোনাৰ পেশীসমূহক আৰাম দিব পাৰে৷

হাঁহি হ’ল এক অমুল্য দৰব৷ হাঁহিয়ে শৰীৰত ৰোগ প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰে আৰু উদ্বিগ্ণতা, খং, দুখ দূৰ কৰে৷

জীৱনত ঘটা বহু বিষয়েই আমাৰ নিয়ন্ত্রণৰ বাহিৰত৷ গতিকে যিমান পাৰি আৰু যেতিয়াই পাৰি হাঁহিবলৈ আৰম্ভ কৰক৷

হাঁহিমুখীয়া হৈ থাকক যাতে আপোনাৰ হাঁহি ওচৰৰ সকলোলে সংক্ৰমিত হয়।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.