অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

শিৱসাগৰ জিলাৰ ১০ কোটি টকা ব্যয়েৰে নিৰ্মীয়মাণ পথৰ নিৰ্মাণকাৰ্যত দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত….

শিৱসাগৰ জিলাৰ ১০ কোটি টকা ব্যয়েৰে নিৰ্মীয়মাণ এটা পথৰ নিৰ্মাণকাৰ্যত দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে

আমগুৰি সমষ্টিৰ চিন্তামণিগড়ৰ ভদীয়াঘাটৰ পৰা জেলেতীটুপ ম’কালনিলৈ প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে ১০ কোটি টকা

লোকনিৰ্মাণ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ অধীনত নিৰ্মাণ হৈ থকা এই পথছোৱাৰ নিৰ্মাণকাৰ্যতে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি শিৱসাগৰ জিলা আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগক বহুবাৰ আবেদন-নিবেদন কৰিলে স্থানীয় ৰাইজে

কিন্তু ৰাইজৰ আপত্তি-অভিযোগৰ কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ

এই অনিয়মেৰে নিৰ্মাণ কৰি থকা এই পছথোৱা পৰিদৰ্শন কৰিবলৈ স্থানীয় ৰাইজে আমন্ত্ৰণ জনাইছে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ লগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈকো

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.