আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

তালিবানৰ দখললৈ আফগানিস্তানৰ অন্তিমখন প্ৰদেশ!

তালিবানৰ দখলৰ পৰা আঁতৰি থকা আফগানিস্তানৰ পঞ্জশিৰত এতিয়া তালিবানৰ শাসন

পঞ্জশিৰ দখলত সফল তালিবান। তালিবানৰ দখলৰ পৰা আঁতৰি থকা আফগানিস্তানৰ পঞ্জশিৰত এতিয়া তালিবানৰ শাসন। তালিবানে দাবী কৰিছে যে, পঞ্জশিৰ উপত্যকা সম্পূৰ্ণৰূপে দখল কৰাত সফল হ’ল তালিবান।

সোমবাৰে পুৱাৰ ভাগত তালিবানৰ মুৰব্বী জবিহুল্লাহ মুজাহিদে টুইটাৰযোগে কয়, ” শত্ৰুৰ অন্তিম দুৰ্গ পঞ্জশিৰ সম্পৰ্ণৰূপে জয় কৰা হ’ল”।

যদিও তালিবানে এই দাবী কৰিছে তথাপি তালিবান বিৰোধী শক্তিয়ে এয়া ভুল ঘোষণা বুলি দাবী কৰিছে। তালিবানৰ সৈতে যুঁজ দিবলৈ ৰাষ্ট্ৰীয় প্ৰতিৰোধ বাহিনী পঞ্জশিৰৰ সকলো ঠাইতে অৱস্থান কৰি থকাৰ কথা সদৰী কৰিছে। যেতিয়ালৈকে ন্যায় আৰু স্বাধীনতা থাকিব, তেতিয়ালৈকে আফগানিস্তানত সকলোৱে যুঁজ দি যাব বুলি কয় NRF শক্তিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.