অসমনাগালেণ্ড

সমাপ্ত হ’ল অসম-নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সীমা বিবাদ

সীমা বিবাদক লৈ অসম-নাগালেণ্ড চৰকাৰৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি

চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসম সীমান্তক লৈ হোৱা সংঘাতে বিভিন্ন সময়ত হিংসাৰ ৰূপ লয়। শেহতীয়াকৈ সীমা বিবাদৰ বাবেই মিজোৰাম আৰক্ষীৰ সৈতে আৰম্ভ হৈছিল অসম আৰক্ষীৰ সংঘৰ্ষ।  দীৰ্ঘদিন ধৰি অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সৈতেও সীমান্তক কেন্দ্ৰ কৰি চলি আহিছে বিবাদ। কিন্তু এইবাৰ বিবাদ নাইকীয়া কৰাৰ ক্ষেত্ৰত লোৱা হৈছে বিশেষ পদক্ষেপ।

সীমা বিবাদক লৈ অসম-নাগালেণ্ড চৰকাৰৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি। দুয়োখন ৰাজ্যৰ সীমান্তৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে সুৰক্ষা বাহিনী। দুয়ো ৰাজ্যৰ সুৰক্ষাৰ বাবেই লোৱা হৈছে এই পদক্ষেপ। অসম আৰু নাগালেণ্ডৰ আলোচনা মৰ্মে লোৱা সিদ্ধান্তৰ পাছত সীমান্তৰ দায়িত্বত থাকিব নিৰপেক্ষ বাহিনী।

শান্তি চুক্তিৰ পাছতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ক শুভেচ্ছা জনালে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই শান্তি আলোচনাত উপস্থিত আছিল দুয়োখন ৰাজ্যৰ মুখ্য সচিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.