Socialঅপৰাধঅসম

দিন-দুপৰতে অশালীন ব্যৱহাৰ কৰা যুৱকক যুৱতীৰ লপা-থপা, চোলাত ধৰি বগৰালে নলাত

এই কাৰ্য সংঘটিত কৰি ততাতৈয়াকৈ পলায়ন কৰিবলৈ চেষ্টা কৰা অসৎ যুৱকজনক স্কুটীৰে সৈতে নলালৈ থেলা মাৰি দি উচিত প্ৰত্যুত্তৰ দিয়ে সাহসী যুৱতীগৰাকীয়ে

কোনো স্থানতে সুৰক্ষিত নহয় দেশৰ নাৰী। দেশৰ নাৰীয়ে সাহসেৰে সকলো দিশতে আগবাঢ়ি যোৱাৰ সময়তো ঠেক গণ্ডীৰ কিছুমান পুৰুষৰ বাবে আজিও অসুৰক্ষিত নাৰীসকল। এইবাৰ পথ বিচৰাৰ চলেৰে যুৱতীক অশালীন ব্যৱহাৰ কৰিলে এজন যুৱকে।

এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ ৰুক্মিণী গাঁৱত। দিন-দুপৰতে যুৱতীক অশ্লীল ইংগিত দি বিপদত পৰিল এজন যুৱক।
পথ বিচৰাৰ চলেৰে যুৱতীগৰাকীৰ কাষলৈ আহে স্কুটী চলাই অহা মধুচনা ৰাজকুমাৰ নামৰ যুৱকজন। যুৱকজনে কাষলৈ আহি যুৱতীগৰাকীক খামুচি ধৰাৰ অপচেষ্টা চলায় যদিও ব্যৰ্থ হয়। এই কাৰ্য সংঘটিত কৰি ততাতৈয়াকৈ পলায়ন কৰিবলৈ চেষ্টা কৰা অসৎ যুৱকজনক স্কুটীৰে সৈতে নলালৈ থেলা মাৰি দি উচিত প্ৰত্যুত্তৰ দিয়ে সাহসী যুৱতীগৰাকীয়ে।

ইতিমধ্যে, দিছপুৰ আৰক্ষী থানাত ভুক্তভোগী যুৱতীয়ে ৰুজু কৰিছে গোচৰ। এই গোচৰৰ পাছতেই দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মধুচনা ৰাজকুমাৰ নামৰ যুৱকজনক।

ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে বহুতেই যুৱতীগৰাকীৰ সাহসৰ শলাগ লোৱা পৰিলক্ষিত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button