অভিনয়জীৱনশৈলীবলিউডভাৰত

ৰাজ কুন্দ্ৰাক সমৰ্থন শিল্পা ছেট্টীৰ, ২৯টা সংবাদ মাধ্যমৰ বিৰুদ্ধে তৰিলে গোচৰ

অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু কৰিছে ২৫ কোটি টকাৰ মানহানিৰ গোচৰ

অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতে এতিয়া পোহৰলৈ আহিছে বহুতো ন-ন ঘটনা। অশ্লীল ছবি নিৰ্মাণৰ নামত বহু যুৱতীৰ জীৱনৰ সৈতে খেল খেলা ব্যৱসায়ী ৰাজ কুন্দ্ৰা এতিয়াও আৰক্ষীৰ জেৰাত আছে।
অশ্লীল ছবি নিৰ্মাণ কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা ৰাজ কুন্দ্ৰা আৰু তেওঁৰ পত্নী শিল্পা ছেট্টীৰ বিৰুদ্ধে বহু সংবাদ মাধ্যমেই বাতৰি পৰিৱেশন কৰিছিল। যাৰ বাবে অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু কৰিছে ২৫ কোটি টকাৰ মানহানিৰ গোচৰ।

শিল্পা ছেট্টীৰ অভিযোগ-অভিনেত্ৰীগৰাকী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে সংবাদ মাধ্যমে মানহানিকৰ বাতৰি পৰিৱেশন কৰি আছে। এই বাতৰিয়ে বলিউডত মোহময়ী অভিনেত্ৰীগৰাকীৰ ভাৱমূৰ্তিত ব্যাঘাত জন্মাব বুলি শংকিত শিল্পা ছেট্টী। সেয়েহে বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম-টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ লগতে ২৯টা সংবাদ মাধ্যমৰ বিৰুদ্ধে বৃহস্পতিবাৰে শিল্পা ছেট্টীয়ে উচ্চ ন্যায়ালয়ত তৰিছে ২৫ কোটি টকাৰ মানহানিৰ গোচৰ।

অৱশ্যে, শুকুৰবাৰে অভিনেত্ৰী শিল্পা ছেট্টী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে বিভিন্ন সংবাদ মাধ্যম, ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে প্ৰকাশ কৰা বাতৰি নিয়ন্ত্ৰণ কৰিবলৈ অমান্তি হয় মুম্বাই উচ্চ ন্যায়ালয়। অভিনেত্ৰীগৰাকীৰ আৱেদন নাকচ কৰে ন্যায়ালয়ে। ন্যায়াধীশ গৌতম পেটেলে কয় যে, সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰিলে সংবাদ মাধ্যমৰ অধিকাৰ খৰ্ব কৰা হ’ব।

উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতে অভিনেত্ৰীগৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.