অসমগুৱাহাটীদৈনিক বাতৰি

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক সাক্ষাৎ ভাৰত তিব্বত সংঘ, অসম প্ৰান্তৰ এক সজাতি দলৰ

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক সাক্ষাৎ ভাৰত তিব্বত সংঘ, অসম প্ৰান্তৰ এক সজাতি দলৰ

ভাৰত তিব্বত সংঘ, অসম প্ৰান্তৰ এক সজাতি দলে ৰাজভৱনত মাননীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। বি টি এছ, অসম প্ৰান্তৰ অধ্যক্ষা অলকা পাটোৱাৰীয়ে কয়, চীনৰ আগ্ৰাসনমূলক নীতি আৰু তিব্বতক সুৰক্ষাৰ হেতু বি টি এছে কাম কৰি আহিছে। আজি ৰাজ্যপাল মহোদয়ক সাক্ষাৎ কৰি এই সন্দৰ্ভত কিছু আলোচনা কৰাৰ লগতে আগন্তুক কাৰ্যসূচীৰ সম্পৰ্কত তেখেতৰ পৰামৰ্শ গ্ৰহণ কৰো।

আনহাতে সাধাৰণ সম্পাদক অনিৰ্বাণ গোস্বামীয়ে কয়, চীনা সামগ্ৰী বৰ্জন আৰু স্বদেশী সামগ্ৰী ব্যৱহাৰ আৰু কৈলাশ মান সৰোবৰলৈ যাতে প্ৰতিজন ভাৰতীয়ই কোনো বাধা অতিক্ৰম নকৰাকৈ যাব পাৰে তাৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰি সেই সম্পৰ্কত ৰাজ্যপালৰ সৈতে আলোচনা কৰে। সজাতি দলটোত অধ্যক্ষা অলকা পাটোৱাৰীৰ লগতে উপ সভানেত্ৰীদ্বয় কৃষ্ণা নাথ আৰু সত্যৱতী কোঁৱৰ, সাধাৰণ সম্পাদকদ্বয় অনিৰ্বাণ গোস্বামী আৰু দীক্ষিতা পুৰকায়স্থৰ লগতে অন্যান্য কাৰ্যকৰ্তা সকল অংশগ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.