পৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰভাৰত

ভয়ংকৰ ভূমিস্খলন! জীৱন্তে সমাধিস্থ হ’ল ৭ জন লোক ২টাকৈ শিশু

৭ জন লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আছে

ভয়ংকৰ ভূমিস্খলন! জীৱন্তে সমাধিস্থ হ’ল ৭ জন লোক ২টাকৈ শিশু

উত্তৰাখণ্ডত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনত ধ্বংসাৱশেষৰ তলত জীৱন্তে সমাধিস্থ হোৱা ২ শিশুৰ নিথৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। লগতে ৭ জন লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আছে।

ৰাজ্যখনৰ পিথোৰাগড়ৰ পিথোৰাগড়ৰ জুম্মা গাঁৱৰ ওচৰত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা।

কেইবাদিনো ধৰি নেৰানেপেৰাকৈ দিয়া বৰষুণ আৰু ধুমুহাৰ ফলত দেওবাৰৰ নিশা ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। হৰহৰাই খহি পৰে পাহাৰৰ এক বৃহৎ অংশ। ঘৰে মানুহে সোমাই আৱদ্ধ হৈ পৰে সেই খহি পৰা মাটিৰ ভিতৰত।

আজি পুৱা কোনোমতে উদ্ধাৰ কৰে জীৱন্তে সমাধিস্থ হোৱা দুই শিশুৰ নিথৰ মৃতদেহ। বৰ্তমানেও অন্য ৭ জন লোক আৱদ্ধ হৈ আছে সেই ভূমিৰ ভিতৰত।

উল্লেখ্য যে ৰাজ্যখনৰ পিথোৰাগড়ত ডাৱৰ বিস্ফোৰণ, ধাৰাসাৰ বৰষুণৰ লগতে শিল খহি পৰাৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে। ৰাজ্যখনত ইয়াৰ পূৰ্বে মাত্ৰ দুদিন আগতে ডাৱৰ বিস্ফোৰণ হৈছিল আৰু ইয়াৰ ফলত ফলত বানপানীৰল সৃষ্টি হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.