অসমপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

ৰুষ্ট প্ৰকৃতি। ভদীয়া বানত ককবকাইছে ৰাজ্যৰ বিভিন্ন অঞ্চল

বানত হাহাকাৰ কৰিছে বকো সমষ্টিৰ বিস্তীৰ্ণ এলেকাৰ ৰাইজ

ৰুষ্ট প্ৰকৃতি। ভদীয়া বানত ককবকাইছে ৰাজ্যৰ বিভিন্ন অঞ্চল।

শেহতীয়াকৈ বানত হাহাকাৰ কৰিছে বকো সমষ্টিৰ বিস্তীৰ্ণ এলেকাৰ ৰাইজ। বকো সমষ্টিৰ নতুন মালিবাৰী পথাৰ বজাৰ, মালিবাৰী সত্ৰ, মন্দিৰা এন চি, জাৰপাৰা, ডেকাচাং বগুৰিগুৰী, ছমৰীয়াকে আদি বহু গাঁও সম্পূৰ্ণৰূপে বুৰ যোৱাত ব্যাহত হৈ পৰিছে সাধাৰণ জীৱন যাপন। মানুহ ঘৰৰ বাহিৰলৈ ওলাই অহাটোও এক প্ৰকাৰৰ অসম্ভৱ হৈ পৰিছে। বিস্তীৰ্ণ অঞ্চল বানত ডুব যোৱাত ফলত মানুহৰ লগতে খাদ্যৰ অভাৱ হৈছে পশুধনৰো।

অঞ্চলসমুহৰ ৰাইজে টুলুঙা নাৱেৰে যাতায়াত অব্যাহত ৰাখিছে যদিও সংঘটিত হৈছে ইটোৰ পিছত সিটো নৌকা দুৰ্ঘটনা।

ইতিমধ্যে সংঘটিত হোৱা দুটাকৈ নৌকা দুৰ্ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা পৰে প্ৰায় ১০ জন যাত্ৰীৰ।

বকোৰ বান পীড়িত অঞ্চলত শীঘ্ৰেই পশুখাদ্য যোগান ধৰাৰ লগতে যাতায়াত ব্যৱস্থা বাহাল কৰিবলৈ এতিয়া জিলা প্ৰশাসনক দাবী জনাইছে ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.