আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

আত্মঘাতী বোমাৰুৰ পাছত অশান্ত কাবুলত আইছিছ-কেই নিক্ষেপ কৰিলে ৫টাকৈ ৰকেট

দেওবাৰে মাৰ্কিন সেনাই ড্ৰ'নৰ জৰিয়তে আক্ৰমণ কৰে পুনৰ বিস্ফোৰণৰ পৰিকল্পনা কৰা আইছিছৰ আত্মঘাতী বোমাৰুক

সন্ত্ৰাসবাদীৰ আক্ৰমণত জৰ্জৰ আফগানিস্তানত পুনৰ ৰকেট আক্ৰমণৰ ঘটনা। সোমবাৰে কাবুল বিমানবন্দৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাসকলে আফগানিস্তান এৰি স্বদেশলৈ উভতি যোৱাৰ যো-জা চলোৱাৰ সময়তে সন্ত্ৰাসবাদী সংগঠন আইছিছে ৰকেটৰে আক্ৰমণ কৰে যদিও মাৰ্কিন সেনাৰ মিছাইল প্ৰতিৰক্ষা প্ৰণালীয়ে নিষ্ক্ৰিয় কৰে ৫টাকৈ ৰকেট।

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে মঙলবাৰৰ ভিতৰত মাৰ্কিন সেনাক আফগানিস্তান এৰি যোৱাৰ নিৰ্দেশ দিছে।

সম্পূৰ্ণ ২০ বছৰৰ অন্তত আফগানিস্তানত শাসন আৰম্ভ কৰা তালিবানে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ। বৰ্তমানলৈকে প্ৰাণৰ মমতাত আফগানিস্তান এৰি ১২০,০০০তকৈও অধিক লোকে দেশ এৰি গৈছে। তালিবানৰ প্ৰতিদ্বন্দ্বী আইছিছে আত্মঘাতী বোমাৰুৰ জৰিয়তে প্ৰাণ কাঢ়িলে ১৩ গৰাকী মাৰ্কিন সেনাৰ লগতে ১০০তকৈও অধিক নিৰীহ লোকৰ।

পৰৱৰ্তী আক্ৰমণৰ আশংকা কৰি জ’ বাইডেনে মাৰ্কিন লোকক আফগানিস্তান এৰাৰ নিৰ্দেশ দিয়াৰ সময়তে দেওবাৰে মাৰ্কিন সেনাই ড্ৰ’নৰ জৰিয়তে আক্ৰমণ কৰে পুনৰ বিস্ফোৰণৰ পৰিকল্পনা কৰা আইছিছৰ আত্মঘাতী বোমাৰুক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.