অসমখেলজীৱনশৈলীভাৰত

অসমৰ প্ৰথম মহিলা অলিম্পিক বিজেতা লাভলীনালৈ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেলৰত্ন’

ইয়াৰ পূৰ্বে লাভলীনাই লাভ কৰিছিল অৰ্জুন সন্মান

অসমৰ প্ৰথম মহিলা অলিম্পিক বিজেতা লাভলীনালৈ প্ৰদান কৰা হ’ল দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেলৰত্ন’।

বিশ্ব খেলৰ মহাৰণত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শণ কৰি দেশৰ বাবে ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হোৱা অসম কন্যা  লাভলীনা বৰগোঁহাইক প্ৰদান কৰা হ’ব দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান মেজৰ ধ্যানন্দ খেলৰত্ন বঁটা। ইয়াৰ লগে লগে অসমৰ প্ৰথম অলিম্পিক বিজেতা হোৱাৰ লগতে খেলৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া হ’ব লাভলীনা বৰগোহাঁই।

ইয়াৰ পূৰ্বে লাভলীনাই লাভ কৰিছিল অৰ্জুন সন্মান।

কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে ঘোষণা কৰা ২০২১ বৰ্ষৰ ক্ৰীড়া বঁটাৰ তালিকাত লাভলীনাই স্থান লাভ কৰিছে। লাভলীনাৰ লগতে এইবাৰ দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা বিজয়ীৰ সংখ্যা হৈছে মুঠ ১২ গৰাকী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.