AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

জামুগুৰিহাটৰ অসম অৰুনাচল সীমান্তত বনভোজ দলৰ ভিৰ, আনন্দ উল্লাসৰ মাজেৰে এসাজ তৃপ্তিৰে খাই লৈ আদৰিবলৈ সাঁজু নতুন বছৰ ২০২৪

জামুগুৰিহাটৰ অসম অৰুনাচল সীমান্তবৰ্তী চিজোচাৰ বৰদিকৰাই নদীৰ পাৰত বনভোজ দলৰ ভিৰ ৷

নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত অসমৰ বভিন্ন প্ৰান্তৰ বনভোজ দল সমুহ আহি চিজোচাৰ বৰদিকৰাই নদীৰ পাৰত বহি আনন্দ উল্লাসৰ মাজেৰে এসাজ তৃপ্তিৰে খাই লৈ আদৰিছে নতুন বছৰ ২০২৪ ৷

প্ৰাকৃতিক সৈন্দৰ্য্যৰে ভৰপুৰ চিজোচাৰ মনোমোহা দৃশ্য আৰু বৰদিকৰাই নদীৰ ওপৰত স্থাপিত অসমৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্প স্থলী পৰিদৰ্শন উদ্দেশ্য প্ৰতি বছৰে এনেদৰেই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ হেজাৰ হেজাৰ বনভোজ দল সমুহৰ ভিৰ লগা পৰিলক্ষিত হয় ।

ইয়াৰ উপৰিও চিজোচা বনভোজস্থলীক সুৰক্ষাৰ লগতে পৰিস্কাৰ কৰি ৰাখিবৰ বাবে চছিঅ’ ইক ডেভলপমেন্ট চছাইটি নামৰ বেচৰকাৰী সংস্থাটোৰ লগতে ইটাখোলা আৰক্ষী চকীৰ তৰফৰ পৰাও বিশেষ পদক্ষেপ লোৱাৰ বাবে বনভোজপ্ৰেমী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 11 =

Back to top button