অসমজীৱনশৈলীধৰ্মীয়ধাৰ্মিক

অক্ষত অৱস্থাত আজান ফকীৰৰ স্মৃতি! পুৰুষানুক্ৰমে সংৰক্ষিত হৈ আহিছে অলৌকিক তজবী

নগাঁৱৰ পুৰণিগুদামত আজিও অক্ষত অৱস্থাত আছে ইতিহাসৰ বহুবোৰ আপুৰুগীয়া সম্পদ

হিন্দু-মুছলমানৰ ঐক্য সম্প্ৰতিৰ চানেকি স্বৰূপ নগাঁৱৰ পুৰণিগুদামত আজিও অক্ষত অৱস্থাত আছে ইতিহাসৰ বহুবোৰ আপুৰুগীয়া সম্পদ। এফালে যদি ব্ৰহ্মচাৰী সত্ৰত আহোম স্বৰ্গদেৱে প্ৰদান কৰা প্ৰায় তিনিশ বছৰীয়া তামৰ ফলি, ঠিক একেদৰে আনফালে আকৌ প্ৰায় ১১৭বছৰ গৰকা বৰ মছজিদৰ ঐতিহাসিক মিনাৰটো অক্ষত অৱস্থাত স্থানান্তকৰণ প্ৰক্ৰিয়া।

সুদূৰ বাগ্দাদৰ পৰা ভাৰতলৈ আহি অসমৰ বায়ু,পানী মাটি আৰু পৰিৱেশৰ লগত সংপৃক্ত হৈ  অসমীয়া ভাষা, সাহিত্য সংস্কৃতিৰ লগত একাত্ম হৈ পৰা এগৰাকী প্ৰৱাদ পুৰুষ ৰূপে পৰিচিত আজান পীৰ বা আজান ফকীৰ।  নগাঁৱৰ পুৰণিগুদামত সুৰক্ষিতভাৱে আজিও সংৰক্ষিত হৈ আছে আজান ফকীৰৰ স্মৃতি।

শ্বাহ মিলন, চাহ মিলন, চাহ মীৰান, আজান পীৰ অথবা আজান ফকীৰ নামেৰে পৰিচিত সমন্বয়ৰ প্ৰতীক স্বৰূপ এই ব্যক্তিগৰাকী আশী দশকৰ কল্প চৰিত্ৰ নে বুৰঞ্জী উপেক্ষিত চৰিত্ৰ,  সেই কথাৰ মত পাৰ্থক্য থাকিলেও, আজান ফকীৰে ব্যৱহাৰ কৰা কাপোৰৰ মোনাৰ সৈতে এধাৰি তজবীৰ , চিলচিলা আৰু ৰুদ্ৰাক্ষ মালা নগাঁৱৰ ঐতিহ্যমণ্ডিত পুৰণিগুদাম মাজ গাঁৱৰ এটি পৰিয়ালে বৰ্তমানলৈকে সংৰক্ষণ কৰি  ৰাখিছে৷

প্ৰচলিত আছে যে মৃত্যুৰ পূৰ্বে আজান পীৰে তেওঁৰ প্ৰিয় শিষ্য তথা মুজিৰুল হুছেইনৰ এজন পূৰ্বপুৰুষক প্ৰদান কৰিছিল তজবী ডাল, আৰু তেতিয়াৰ পৰাই মুজিৰুলৰ পৰিয়ালে পুৰুষানুক্ৰমে সংৰক্ষণ কৰি আহিছে অদৃশ্য শক্তিৰে ভৰা তজবী ডাল।

ইফালে এই ঐতিহাসিক তজবীডাল লৈ নিজৰ ইষ্টজনক দোৱা কৰিবলৈ অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ, ভাষা-ভাষীৰ লোকে প্ৰায়ে ভিৰ কৰেহি পুৰণিগুদাম মাজগাঁৱৰ বিশেষ ঘৰখনত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.