অসম

হাউলী পৌৰ সভা অবিবেচক কাণ্ড

ডাম্পিং গ্ৰাউণ্ডত পৰিনত হৈছে হাউলী পৌৰ সভাৰ কাৰ্যলয় চৌহদ

হাউলী পৌৰ সভা অবিবেচক কাণ্ড।

ডাম্পিং গ্ৰাউণ্ডত পৰিনত হৈছে হাউলী পৌৰ সভাৰ কাৰ্যলয় চৌহদ। অতিষ্ঠ আবাসিক এলেকাৰ লোক। আৱাসিক এলেকাৰ মাজত নিৰ্মান কৰিছে ডাম্পিং গ্ৰাউণ্ড।

এইবাৰ স্বচ্ছ ভাৰত অভিযানক ভেঙুচালি হাউলী পৌৰসভাৰ। হাউলী চহৰৰ পৰা পৰিস্কাৰ কৰি অনা জাৱৰসমূহ পেলোৱা হৈছে পৌৰ সভাৰ চৌহদতেই।

হাউলী পৌৰ সভাৰ ডাম্পিং গ্ৰাউণ্ডৰ ঠাই আছিল হাউলীৰ জলজলি গাওত। কিন্তু ডাম্পিং গ্ৰাউণ্ডৰ পৰা ওলোৱা দুৰ্গোন্দৰ বাবে স্থানীয় ৰাইজে উক্ত স্থানত জাবৰ জোথৰ পেলোৱাত বাধা প্ৰদান কৰাত এতিয়া পৌৰ সভাই নিজ কাৰ্যলয় চৌহদতে জাবৰ জোথৰ পেলাব লগা হৈছে।

কিন্তু কাৰ্যলয়ৰ গাতে লাগি আছে এক আবাসিক এলেকা। এনেদৰে পেলোৱা  জাবৰ পৰা ওলোৱা দুৰ্গোন্ধত অতিষ্ঠ হৈ পৰিছে অৱাসীক এলেকাৰ লোক সকল। এই সন্ধৰ্ভত জিলা প্ৰশাসনক বহুবাৰ অভিযোগ দিয়াৰ পিছতো কোনো গুৰত্ব প্ৰদান কৰা নাই বৰপেটা জিলা প্ৰাসানে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.