অসমআন্তঃৰাষ্ট্ৰীয়চিকিৎসাবিজ্ঞানবিশ্ব

বিশ্বৰ ২% বিজ্ঞানীৰ তালিকাৰ শীৰ্ষত অসমৰ দুই বিজ্ঞানী

২% শীৰ্ষ প্ৰভাৱশালী বিজ্ঞানীৰ তালিকাত স্থান পালে অসমীয়া দুজনে

ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ শেহতীয়া তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ দুগৰাকী অধ্যাপক । অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক তথা এন এ এ চিৰ সমন্বয়ক অধ্যাপক কে জি ভট্টাচাৰ্যক পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰত এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।

আনহাতে, একেখন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ ফাৰ্মাচীৰ অধ্যক্ষ, অধ্যাপক ৰাজা চক্ৰৱৰ্তীক চিকিৎসা আৰু জৈৱ আনৱিক ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে ।

উল্লেখ্য যে, বিগত ২০২০ চনৰ পৰা বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত ধাৰাবাহিকভাৱে অন্তৰ্ভুক্ত হৈ আহিছে অধ্যাপক কে জি ভট্টাচাৰ্য ৷

এই কৃতিত্বৰ সন্দৰ্ভত অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ (ড৹) জোচ পালেলিয়ে কয়, ‘‘আমাৰ অধ্যাপক দুগৰাকীৰ এই কৃতিত্বৰ বাবে আমি অতিশয় গৌৰৱান্বিত । অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ এটা মূল লক্ষ্য হৈছে সমাজকেন্দ্ৰিক গৱেষণাক প্ৰসাৰিত কৰা । আমি বিশ্ববিদ্যালয়খনত এনে এক গৱেষণাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ য’ত কেৱল শিক্ষক বা গৱেষকসকলেই নহয়, স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলেও গৱেষণাৰ প্ৰতি উৎসাহী হ’ব । আমাৰ স্নাতক ছাত্ৰ-ছাত্ৰীসকলৰ কিছুমানে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় আলোচনীত নিজ নিজ বিষয়ৰ ওপৰত গৱেষণা পত্ৰ প্ৰকাশ কৰিছে । এয়া আমাৰ বাবে এক বৃহৎ আনন্দৰ কথা আৰু বিশ্ববিদ্যালয়খনৰ গৱেষণা পৰিৱেশৰ উজ্জ্বল প্ৰমাণ ।’’

পূৰ্বে প্ৰায় একেধৰণৰ কৃতিত্ব অৰ্জন কৰিছিল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দুজন অধ্যাপক যথাক্ৰমে ড৹ হেমেন শৰ্মা আৰু ড৹ সঞ্জয় বসুমতাৰীয়ে ৷ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠান ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়–এলছেভিয়াৰে প্ৰস্তুত কৰা বিশ্বৰ শীৰ্ষ প্ৰভাৱশালী ২% বিজ্ঞানীৰ তালিকা ২০২৫ ত স্থান পাবলৈ সক্ষম হৈছে অধ্যাপকদ্বয়ে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button