অভিনয়অসমগুৱাহাটীদৈনিক বাতৰিবলিউডবোলছবিভাৰতমনোৰঞ্জনমুম্বাইশিল্পীসংগীতসংস্কৃতি

আজি কণ্ঠশিল্পী প্ৰয়াত কিশোৰ কুমৰাৰ ৯৪ সংখ্যাক ওপজা দিন

১৯২৯ চনৰ ৪ আগষ্টত জন্মগ্ৰহণ কৰা কিশোৰ কুমাৰ আছিল অতি ৰোমান্টিক। সংগীতৰ সঠিক প্ৰশিক্ষণ নোলোৱাকৈও, কিশোৰ কুমাৰে মানুহক তেওঁৰ কণ্ঠৰ যাদুৰে মোহিত কৰিছিল।

উৎকৃষ্ট কণ্ঠ স্বৰ আৰু উজ্জ্বল শিল্পীত্বই আজিও অনুৰাগীসকলৰ মনত জীয়াই ৰাখিছে কিশোৰ কুমাৰক। বলীউডৰ বিশিষ্ট গায়ক প্ৰয়াত কিশোৰ কুমাৰৰ আজি জন্মদিন। ১৯২৯ চনৰ ৪ আগষ্টত জন্মগ্ৰহণ কৰা কিশোৰ কুমাৰ আছিল অতি ৰোমান্টিক। সংগীতৰ সঠিক প্ৰশিক্ষণ নোলোৱাকৈও, কিশোৰ কুমাৰে মানুহক তেওঁৰ কণ্ঠৰ যাদুৰে মোহিত কৰিছিল।

উল্লেখ্য যে, শৈশৱৰ সময়ত কিশোৰ কুমাৰৰ নাম আভাস কুমাৰ গাংগুলী আছিল। কিন্তু পিছলৈ তেওঁ কিশোৰ কুমাৰ নামেৰে জনাজাত হয়। কিশোৰ কুমাৰৰ কলা, শিল্পই আজিও তেওঁক মানুহৰ মনত জীয়াই ৰাখিছে। মধ্য প্ৰদেশৰ খাণ্ডৱাত জন্মগ্ৰহণ কৰা কিশোৰ কুমাৰৰ স্মৃতিত মধ্য প্ৰদেশ চৰকাৰে ১৯৯৭ চনত ‘কিশোৰ কুমাৰ বঁটা’ আৰম্ভ কৰিছিল।

আনহাতে, কিশোৰ কুমাৰ সংগীত, অভিনয়ৰ লগতে প্ৰকৃতি প্ৰেমীও আছিল। জানিব পৰা মতে, কিশোৰ দাই গছ-গছনিৰ সৈতে ঘন্টাযোৰা কথা পাতিছিল আৰু ইয়াকে নিজৰ প্ৰকৃত বন্ধু বুলি মানিছিল।

কিশোৰ কুমাৰে ২২খন চলচ্চিত্ৰ অভিনয় কৰিছিল। কিশোৰৰ গানত কেৰিয়াৰ গঢ়ি তোলাৰ ইচ্ছা আছিল। সেয়েহে তেওঁ এছ.ডি. বৰ্মনক লগ কৰিছিল, যিয়ে কিশোৰক নিজৰ শৈলী বিকশিত কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰ পিছত, কিশোৰে আমেৰিকান গায়ক টেক্স মৰ্টন আৰু জিমি ৰডৰ্ছৰ কথাত তেওঁৰ গান গোৱাৰ দক্ষতা শক্তিশালী কৰে।

আজি কণ্ঠশিল্পী প্ৰয়াত কিশোৰ কুমৰাৰ ৯৪ সংখ্যাক ওপজা দিন

কিশোৰ কুমাৰ দীৰ্ঘদিন ধৰি ৰাজেশ খান্না আৰু দেৱ আনন্দকে ধৰি বহুতো বিখ্যাত তাৰকাৰ গীতত কণ্ঠ দিছিল। কিশোৰ দাই হিন্দীৰ উপৰিও কানাড়া, মালায়ালম, অসমীয়া, গুজৰাটী, মাৰাঠী আৰু বাংলা ভাষাতো গান গাইছিল। কিশোৰ দাই ৰাজেশ খান্নাৰ বাবে আটাইতকৈ বেছি অৰ্থাৎ মুঠ ২৪০টা গীত গাইছিল।

কিশোৰ কুমাৰে প্লেবেক গানৰ বাবে ৮টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁ প্ৰায় ৮৮ খন চলচ্চিত্ৰতো অভিনয় কৰিছিল। এক প্ৰতিবেদন অনুসৰি, কিশোৰ কুমাৰে তেওঁৰ কেৰিয়াৰত ১১০ জনতকৈও অধিক সংগীতজ্ঞৰ সৈতে ২৬৭৮খন চলচ্চিত্ৰৰ বাবে গীত গাইছিল।

অসমীয়া চলচ্চিত্ৰ ‘চিকমিক বিজুলি’ৰ ‘পক্ষীৰাজ ঘোঁৰা’ শীৰ্ষক গীতটিত কিশোৰ কুমাৰে আশা ভোচলে আৰু ভূপেন হাজৰিকাৰ সৈতে কণ্ঠদান কৰিছিল।

কিশোৰ কুমাৰৰ সৈতে সম্পৰ্কিত আন এটা কাহিনী যথেষ্ট বিখ্যাত। যে তেওঁৰ ঘৰৰ বাহিৰত ‘‘কিশোৰৰ পৰা সাৱধান’’ বুলি লিখা এটা ফলক লগাইছিল বুলি কোৱা হয়। ১৯৮৭ চনৰ ১৩ অক্টোবৰত তেওঁৰ মৃত্যু হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + four =

Back to top button