অসমআঞ্চলিক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰোগী সন্ধানহীন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰোগীৰ পৰিয়ালৰ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে ৰোগী নিৰুদ্দেশ হোৱাৰ ঘটনা। বিগত ১ আগষ্টত ভৰ্তি হোৱা ৰোগীজন দেৰগাঁৱৰ দিলীপ দাস আছিল বুলি জানিব পৰা গৈছে। নিজ পুত্ৰ আৰু পত্নীৰ সৈতে চিকিৎসালয়ত ভৰ্তি হৈছিল লোকজন। কিন্তু ভৰ্তি হোৱাৰ পিছৰে পৰাই ঘৰলৈ যাবলৈ বিছাৰি আছিল লোকজনে। ৩ আগষ্টত চিকিৎসালয়ৰ পৰা ৰোগীজনক যাবলৈ দিয়াৰ কথা আছিল যদিও তাৰ পূৰ্বেই ৰোগীজন নিৰুদ্দেশ হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা।

ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত উঠা অভিযোগ প্ৰত্যা্খ্যান কৰিছে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাই । অধ্যক্ষ ডাঃ শৰ্মাই জনোৱা অনুসৰি, সাধাৰণ ৰোগীৰ দৰেই নিজে নিজেই ওলাই গৈছিল ৰোগীজন। সমগ্ৰ দৃশ্য বন্দী হৈছিল চিকিৎসা মহাবিদ্যালয়ৰ CCTVত। নিজ পুত্ৰই ডিচাৰ্জ চাৰ্টিফিকেটত চহী কৰাৰ পাছতেই এইদৰে ৰোগীজন নিৰুদ্দেশ হোৱা ঘটনাটোক পৰিয়ালৰ লোকে বিভ্ৰান্তিৰ বাবে সৃষ্টি কৰা বুলি প্ৰতিঅভিযোগ উত্থাপন কৰে অধ্যক্ষ ডাঃ শৰ্মাই।

ইফালে বুধবাৰৰ পৰাই নিখোজ হৈ থকা ৬৫ বছৰীয়া দিলীপ দাসৰ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভঙাগড় থানাত গোচৰ তৰিছে। GMCH কাণ্ডজ্ঞানহীনতাৰ বিৰুদ্ধে অভিযোগ তুলি এইদৰে গোচৰ তৰিছে ৰোগীৰ পৰিয়ালটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.