অসম

পশ্চিম কাৰ্বি আংলঙত শান্তি চুক্তিৰ বিৰোধিতা

অজ্ঞাত সংগঠনৰ গছ বগৰাই প্ৰতিবাদ

পশ্চিম কাৰ্বি আংলঙত শান্তি চুক্তিৰ বিৰোধিতা।

কাৰ্বি শান্তি চুক্তি স্বাক্ষৰৰ পাছতেই প্ৰতিবাদমুখৰ হৈ পৰিছে কাৰ্বি পাহাৰ। ইতিমধ্যে ডিফু চহৰৰ মাজমজিয়াত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতেই পুৱতি নিশা খেৰণি-ডংকামোকাম সংযোগী পথৰ ফেলাংপি নামৰ ঠাইত কোনো অচিনাক্ত লোকে দুডালকৈ প্ৰকাণ্ড প্ৰকাণ্ড গছ বগৰাই পথ অৱৰোধ কৰে। এই ঘটনাই শান্তি চুক্তিৰ বিৰোধিতা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে।

গছ বাগৰাই পথ অৱৰোধ কৰাৰ ফলত বহু সময় ধৰি যাতায়ত ব্যাহত হোৱাৰ লগতে সৃষ্টি হৈছে এক চাঞ্চল্যৰ। অৱশ্যে ঘটনাস্থলিত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ গছ আঁতৰাই পথ মোকলাই স্বাভাৱিক কৰে যাতায়ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.