AssamCity newsInternationalleatest updatenationalঅসমগুৱাহাটীদৈনিক বাতৰিবিজ্ঞানবিশ্বভাৰত

MICROSOFT অনলাইন ছফটৱেৰত কাৰিকৰী বিজুতি, সমগ্ৰ বিশ্বজুৰি হঠাতে নীলা হৈ পৰিল কম্পিউটাৰৰ স্ক্ৰীণ…

বিশ্বজুৰি একে সময়তে কম্পিউটাৰ ব্যৱস্থাত জটিল সমস্যা। সমগ্ৰ বিশ্বজুৰি হঠাতে নীলা হৈ পৰিল কম্পিউটাৰৰ স্ক্ৰীণ। কম্পিউটাৰৰ পৰিভাষাত ইয়াক কোৱা হয় ‘ব্লু স্ক্ৰীণ অব ডেথ’। মাইক্ৰ’ছফ্টৰ উইণ্ড’জ ব্যৱস্থাত এই গুৰুতৰ বিসংগতি। সমগ্ৰ বিশ্বজুৰি ৰে’ল সেৱা, বিমান সেৱা আদিতো বিৰূপ প্ৰভাৱ। কম্পিউটাৰাইজড টিকটৰ পৰিৱৰ্তে মেনুৱেল বিমান টিকটৰ ব্যৱস্থা। বিমান পৰিৱহন সেৱাসমূহে এক্স হেণ্ডেলত প্ৰকাশ কৰিছে এই তথ্য। এই বিসংগতিৰ বাবে বিশ্বজুৰি প্ৰভাৱ পৰিছে বিমানৰ উৰণতো।

Microsoftৰ সকলো সেৱা বিশ্বজুৰি বন্ধ হৈ পৰিছে। স্তব্দ হৈ পৰিছে লেপটপসহ Microsoftৰ বহু APP ৷ Microsoft-365 ব্যৱহাৰকাৰী সেৱা উপভোগ কৰাত সমস্যাৰ সন্মুখীন হৈছে৷ Microsoft উইণ্ডোছ, Microsoft টীম, Microsoft Azureৰ সেৱা স্তব্ধ৷ Microsoft ষ্টোৰ, Microsoft ক্লাউড-পাৱাৰ্ড সেৱা ব্যৱহাৰত সমস্যা, লগতে বিকল হৈ পৰিছে Microsoftৰ আন বহু APP ৷ যাৰ ফলত বিমান আৰু বেংক সেৱাও ব্যাহত হৈ পৰিছে ৷

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.