দুৰ্ঘটনা

ৰাজপথত দপদপকৈ জ্বলিছে দুখন বাহন, অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে ১১ জন লোকে…

জুইৰ লেলিহান শিখাই আৱৰি ধৰা বাছখনত জুই লগাৰ ফলত ১১ জন যাত্ৰী মৃত্যুমুখত পৰে

ৰাজস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজপথত দপদপকৈ জ্বলিল দুখন বাহন। জীৱন্তে অগ্নিদগ্ধ ১১ জন লোক।

বুধবাৰে পুৱা, ৰাজস্থানৰ বাৰ্মাৰ জিলাৰ ভান্দিআৱাচৰ ওচৰৰে বাৰ্মাৰ-যোধপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত এখন বাছ আৰু টেংকাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাত ততালিকে জ্বলি যায় বাহন দুখন। ৰাজপথত দপদপকৈ জ্বলি থকা বাহন দুখনত আছিল কেইবাজনো যাত্ৰী।

জুইৰ লেলিহান শিখাই আৱৰি ধৰা বাছখনত জুই লগাৰ ফলত ১১ জন যাত্ৰী মৃত্যুমুখত পৰে। আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ২২ জন যাত্ৰীক ইতিমধ্যে, বালতোৰাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাত আহত লোকৰ মন্তব্য অনুসৰি, বুধবাৰে পুৱা ৯.৫৫ বজাত বালতোৰাৰ পৰা যোধপুৰ অভিমুখে গৈ আছিল বাছখন। কিন্তু বিপৰীত দিশৰ পৰা অহা এখন টেংকাৰে বাছখনত খুন্দা মৰাত ততালিকে জ্বলি যায় দুয়োখন বাহন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.