leatest updateঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰি

এইবাৰ চিলনী চোৰৰ কবলত খোদ IPS বিষয়া।

আৰক্ষীয়ে সুৰক্ষিত নহয় চোৰৰ পৰা।

ইমান দিনে গুৱাহাটী মহানগৰীত চিলনী চোৰৰ টাৰ্গেট হৈ আহিছিল সাধাৰণ মহিলা। সাধাৰণ মহিলাৰ পৰা চিলনী চোৰে থপিয়াই নিছিল বেগ, গহনা, ম’বাইল আদি। কিন্তু এইবাৰ চিলনী চোৰৰ কৱলত পৰিল এজন স্বয়ং IPS বিষয়া। অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ উপ-মহাপৰিদৰ্শক বিবেক ৰাজ সিঙৰ হাতৰ পৰা ম’বাইল ফোন থপিয়াই নিলে চিলনী চোৰে।

দেওবাৰে পুৱা উলুবাৰীৰ ৰাজপথত প্ৰাতঃভ্ৰমণ কৰি থকা অৱস্থাতে DIG বিবেক ৰাজ সিঙৰ হাতৰ পৰা ম’বাইল থপিয়ালে চিলনী চোৰে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ মহানগৰীত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। আনহাতে মুখলজ্জা ঢাকিবৰ বাবে প্ৰথম অৱস্থাত এই ঘটনা লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল মহানগৰ আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.