অসমআঞ্চলিকগুৱাহাটী

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অহা বছৰৰ পৰা দ্বৈত মাধ্যমত কৰা হ’ব পাঠ্যক্ৰম’, ‘৪হাজাৰ উচ্চ, উচ্চতৰ মাঃ বিদ্যালয় ইংৰাজী মাধ্যম কৰা হ’ব’

দেশজুৰি উদযাপন স্বাধীনতাৰ অমৃত মহোৎসৱ৷ ৰাজ্যৰ চৌদিশে স্বাধীনতা দিৱসৰ উছাহ, খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী৷ খানাপাৰাত পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ, দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ ১৫ টা প্লেটোনৰ, প্ৰদৰ্শিত আৰক্ষী, সেনা-জোৱানৰ দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন হ’ল অসমৰ বাৰেৰহনীয়া সংস্কৃতি অনুষ্ঠান, ৰূপকোঁৱৰৰ কবিতাৰে শ্বহীদক স্মৰণ মুখ্যমন্ত্ৰীৰ৷ ভাৰতৰ প্ৰাচীন ঐতিহ্যক সোঁৱৰিলে মুখ্যমন্ত্ৰীয়ে৷ ‘ভাৰতীয় সভ্যতা পৃথিৱীৰ সভ্যতা সমূহৰ পুৰণি সভ্যতা’, বেদ, উপনিষদ, মহাকাব্যৰ সমাজলৈ অবদানৰ কথা উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰ কথা উল্লেখ৷

মুখ্যমন্ত্ৰীঃ- ‘অহা বছৰৰ পৰা দ্বৈত মাধ্যমত কৰা হ’ব পাঠ্যক্ৰম’,
‘৪হাজাৰ উচ্চ, উচ্চতৰ মাঃ বিদ্যালয় ইংৰাজী মাধ্যম কৰা হ’ব’
‘১০ হাজাৰ পকীপথ নিৰ্মাণৰ দিশে অসম চৰকাৰ’
‘কৃষি, অৰ্থনৈতিক ক্ষেত্ৰত অসমক আত্ননিৰ্ভৰশীল কৰাৰ লক্ষ্য’
‘১ হাজাৰ যুৱকক আন্দামানৰ জেল দেখুৱাৰ সিদ্ধান্ত’
‘জনতাক নিজ পদুলিতে সেৱা আগবঢ়োৱাৰ সংকল্প’
‘পিতৃ মাতৃক অবহেলিত কৰা সমাজ আগবাঢ়িব নোৱাৰে’
‘এইবাৰো চৰকাৰী কৰ্মচাৰীসকলক ৩ দিন ছুটী দিয়া হ’ব’
সকলোকে গছ পুলি ৰুই প্ৰতিপালন কৰাৰ আহ্বান CMৰ
‘বনকৰা ল’ৰা-ছোৱালীক নিজ সন্তানৰ দৰে ৰাখিবলৈ আহ্বান’
‘বনকৰা ল’ৰা-ছোৱালীক শাস্তি দিলে আইনী ব্যৱস্থা লোৱা হ’ব’…

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + one =

Back to top button