ভাৰত

আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা

স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত স্বাধীনতা যুঁজাৰু বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰি সমগ্ৰ দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো

আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত স্বাধীনতা যুঁজাৰু বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰি সমগ্ৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলো৷ আজিৰ দিনটোতে দেশ স্বাধীন হোৱাৰ ৭৫টা বছৰ সম্পূৰ্ণ হৈছে৷ আজি সমগ্ৰ ভাৰতত উদযাপন ৭৬ সংখ্যক স্বাধীনতা দিৱস। আজিৰ দিনটোতেই বৃটিছৰ পৰাধীনতাৰ শিকলি ছিঙি দেশবাসীয়ে স্বাধীনতাৰ নিচান উৰুৱাইছিল ভাৰত মাতৃৰ বুকুত।

আজিৰ দিনটোতে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি হৰ ঘৰ ত্ৰিৰংগা, স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) উদযাপন কৰা হৈছে। স্বাধীনতা দিৱস উপলক্ষে আমি সুৱৰিছোঁ প্ৰতিজন ভাৰতীয়ৰ ত্যাগ আৰু বলিদান, যিসকলে নিজৰ জীৱনকো তুচ্ছ কৰি দেশৰ স্বাধীনতাৰ বাবে হেলাৰঙে প্ৰাণ দিছিল, ইংৰাজৰ গুলী হাঁহি হাঁহি বুকু পাতি লৈছিল, হাঁহি হাঁহি ফাঁচীকাঠত ওলমিছিল। আমাৰ বাবে যিসকলে নিজৰ সৰ্বস্ব উজাৰি দিছিল, তেওঁলোকক আজি আমি সুৱৰিছোঁ, প্ৰণিপাত জনাইছোঁ তেওঁলোকৰ চৰণত।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা৷ দিল্লীত গঢ়ি তোলা হৈছে কেইবা তৰপীয়া নিৰাপত্তা বেহু, নিয়োজিত ৭ হাজাৰ অৰ্ধসামৰিক বাহিনী, ১ হাজাৰ CCTVৰে নিৰীক্ষণ লালকিল্লাৰ এলেকা৷ ৰাজাধানী ক্ষেত্ৰ এলেকাত মোতায়েন দিল্লী আৰক্ষীৰ জোৱান৷ কৌশলগত এলেকাত নিষিদ্ধ কৰা হৈছে আকাশমাৰ্গ, সজাই-পৰাই তোলা হৈছে ৰাজধানী দিল্লী৷ মহানগৰীৰ খানাপাৰাত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button