অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দূৰ্গা পূজাত বেংগলী ভাষাৰ পোষ্টাৰ ফলাক লৈ লংকাত প্ৰতিবাদী সভা….

দূৰ্গা পূজাত বেংগলী ভাষাৰ পোষ্টাৰ ফলাক লৈ লংকাত বেংগলী ফেডাৰেচন আৰু লংকা নাগৰিক মঞ্চই আহ্বান জনাইছিল প্ৰতিবাদী সভাৰ।

বেংগলী ভাষাৰ পোষ্টাৰ ফলাক লৈ লংকাত প্ৰতিবাদী সভাৰ মাজতে সদৌ অসম বেংগলী ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দে’ক আটক আৰক্ষীৰ।

এই উদ্দেশ্য চহৰখনৰ মাজমজিয়াত থকা নেতাজী প্ৰতিমূৰ্তিৰ সন্মুখত কে’বা শতাধিক বেংগলী ৰাইজক উদ্দেশি ভাষণ দি থকা অৱস্থাতে বেংগলী নেতাজনক আটক কৰে লংকা আৰক্ষীয়ে।

নেতাজনৰ লগতে আৰক্ষীয়ে আটক কৰে আন ৫ জন ফেডাৰেচনৰ সদস্যক।

বৰ্তমান আটাইকেইজনকে লংকা আৰক্ষী থানাত ৰখা হৈছে।

উল্লেখ্য যে, আজি লংকাত আহ্বান জনোৱা এই প্ৰতিবাদী সভাৰ প্ৰতি সমৰ্থন জনাই লংকাকে ধৰি পাশ্বৱৰ্তী বেংগলী বসতিপ্ৰধান খ্ৰীংখ্ৰীং,ভালুকমাৰীকে ধৰি কে’বাঠাইতো ব্যৱসায়ীসকলে স্বতঃস্ফূত ভাৱে দোকান-পোহাৰ বন্ধ ৰাখিচিল।

ইতিমধ্যে,নেতাজনৰ লগতে ৫ জনক আটক কৰাৰ পাছত প্ৰতিবাদী সভাখন আধাতে সামৰণি পৰে যদিও বৰ্তমানে এক চেপা উত্তেজনাই বিৰাজ কৰি আছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি মোতায়েন কৰা হৈছে অৰ্ধ-সামৰিক বাহিনী।

প্ৰশাসনৰ অনুমতি অবিহনে অনুস্থিত হৈছিল প্ৰতিবাদ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.