অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত এটুপি পানীৰ বাবে চলিছে জীৱন সংগ্ৰাম

ৰাজ্যত এফালে যদি বানপানীত ককবকাইছে আনফালে নৈৰ কোৱাল সোতত নামি পানীৰ বাবে কৃষক ৰাইজে চলাইছে সংগ্ৰাম।

ঘৰৰ ভিতৰত ঠায়ে ঠায়ে এতিয়াও এককাল পানী ৷

নদী- উপনদীৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰি পেলাইছে বাট-পথ ৷

পিছে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত দেখিবলৈ পোৱা গৈছে এক বিপৰিত দৃশ্য ৷

বানপানীৰ মাজতে এটুপি পানীৰ বাবে সীমান্তৰ ৰাইজৰ চলিছে জীৱন সংগ্ৰাম ৷

খেতিপথাৰত নাই জলসিঞ্চনৰ ব্যৱস্থা ৷

বৰষুনৰ ক’মাৰ লগে লগে শুকাই যায় কৃষিভূমি ৷

সেয়ে দিৰিং নদীত বান্ধ বন্ধাৰ বাবে ওলাই আহিছে কৃষক ৰাইজ ৷

কাৰণ নৈখনৰ বুকুত বান্ধ নিদিলে নোৱাৰে খেতি কৰিব ৷

সেয়ে গছৰ ডাল- পাত তথা শিলেৰে প্ৰাকৃতিক বান্ধ নিৰ্মাণ কৰি ডোং বা সুতিৰে পথাৰলৈ বোৱাই নিয়ে পানী ৷

আজি জিলাখনৰ ভাৰত- ভূটান সীমান্তৰ প্ৰায় পাঁচ শতাধিক লোক ওলাই আহিছে দিৰিং নৈৰ বান্ধ দিবলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.