leatest updatenational

১২ বছৰৰ মূৰত বিশ্বকাপ চেম্পিয়নৰ খিতাপ পুনৰুদ্ধাৰৰ বাবে ষ্টেডিয়ামত নামিব টীম ইণ্ডিয়া।

মহম্মদ ছামি, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰৰ বীৰোচিত প্ৰদৰ্শনেৰে্ ভাৰতে প্ৰৱেশ কৰিলে ২০২৩ চনৰ ICC বিশ্বকাপৰ ফাইনেলত।

মহম্মদ ছামি, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰৰ বীৰোচিত প্ৰদৰ্শনেৰে্ ভাৰতে প্ৰৱেশ কৰিলে ২০২৩ চনৰ ICC বিশ্বকাপৰ ফাইনেলত। ১২ বছৰৰ মূৰত বিশ্বকাপ চেম্পিয়নৰ খিতাপ পুনৰুদ্ধাৰৰ বাবে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নামিব টীম ইণ্ডিয়া। প্ৰতিপক্ষ কোন হ’ব সেয়া নিৰ্ণয় হ’ব দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয়খন ছেমিফাইনেলৰ পিছত। কিন্তু প্ৰতিপক্ষ যিয়েই নহওক ১৯৮৩ আৰু ২০১১ৰ যাদু পুনৰবাৰ খেল পথাৰত প্ৰদৰ্শন কৰিবলৈ মানসিকভাৱে সাজু হৈছে টীম ইণ্ডিয়া।

বুধবাৰে মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত পুনৰবাৰ দেখা গ’ল এইবাৰ বিশ্বকাপৰ যুঁজত অৱতীৰ্ণ হোৱা ভাৰতীয় ক্ৰিকেট দলটোৰ যুঁজাৰু মানসিকতা। টছত জিকি প্ৰথমে বেটিং লৈ আৰম্ভণিৰে পৰা ৰোহিত বাহিনীয়ে স্পষ্ট ইংগিত দিলে ভাৰতৰ অশ্বমেধৰ ঘোঁৰা বশ কৰা সহজ নহ’ব নিউজিলেণ্ডৰ বাবে। আক্ৰমণাত্মক তথা দ্ৰুতগতিৰে স্ক’ৰ ব’ৰ্ড আগুৱাই নি কেপ্টেইন ৰোহিত শৰ্মাই এক সুন্দৰ আৰম্ভণি দিলে যিটো ভাৰতীয় বেটিং লাইনআপৰ বাবে এক সুদৃঢ় ভেটিৰূপে পৰিগণিত হ’ল।

ৰোহিত শৰ্মাৰ মাৰমুখী ৪৭ ৰানৰ ইনিংছটোৱে ভাৰতীয় বেটছমেনক বৃহৎ স্ক’ৰৰ দিশে আগুৱাই যোৱাত প্ৰয়োজনীয় উদ্যম প্ৰদান কৰিলে। শুভমন গীলৰ অৰ্ধশতক, শ্ৰেয়াছ আয়াৰৰ বিস্ফোৰক শতকৰ মাজত কিন্তু উজ্বলিল বিৰাট কোহলি। ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তিত পৰিণত হোৱা কোহলিয়ে ৫০তম শতক অৰ্জন কৰি এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অধিকাৰী হোৱাৰ গৌৰৱ অৰ্জন কৰিলে। ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ সন্মুখতে তেওঁৰ শতকৰ অভিলেখ ভংগ কৰিলে কোহলিয়ে।

ভাৰতীয় বেটছমেনৰ চমকপ্ৰদ প্ৰদৰ্শনৰ পিছত সময় আছিল ভাৰতীয় বলাৰৰ। কিন্তু বুধবাৰৰ মেচখনৰ এটা সময়ত এনে লাগিল ক’ৰবাত যেন ছন্দ হেৰুৱাইছে বি্ধ্বংসী ভাৰতীয় বলিং আক্ৰমণে। অৱশ্যে সঠিক সময়ত মহম্মদ ছামিয়ে বলিং আক্ৰমণক সঠিক ট্ৰেকলৈ ওভতাই আনিলে। নিউজিলেণ্ডৰ সাতটাকৈ উইকেটৰ পতন ঘটাই ছামিয়ে অকল নতুন অভিলেখ স্থাপনেই নহয়, নিশ্চিত কৰিলে টীম ইণ্ডিয়াৰ ফাইনেলত প্ৰৱেশ।\

ইফালে আজি দ্বিতীয়খন ছেমি ফাইনেলত মুখামুখি হ’ব দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া। কলকাতাৰ ইডেন গাৰ্ডেনত দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব এই মেচ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − ten =

Back to top button