Socialঅসম

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ, আজিৰ দিনটোৰ বাবে কি পদক্ষেপ মুখ্যমন্ত্ৰীৰ?

ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত অসম চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ

সম্পূৰ্ণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ ১০০টা দিন। মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰাই অসমৰ উন্নয়নৰ কাৰণে যথেষ্ট কাম কৰি অহা ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সংস্কাৰমূলক কামৰ জৰিয়তে জনসাধাৰণৰ মন মুহিবলৈ সক্ষম হৈছে।

১০০ দিন সম্পূৰ্ণ হোৱা দিনটো স্মৰণীয় কৰি তুলিব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিক্ষক নিযুক্তি, পদ-প তৰ উৰণীয়া সেঁতু আৰু বৃদ্ধাশ্ৰম মুকলিৰে মুখ্যমন্ত্ৰীগৰাকীয়ে স্মৰণীয় কৰিব আজিৰ দিনটো।

অসম চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হ’ব বিশেষ কেবিনেট বৈঠক। এই কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰিব এক বিশেষ সংবাদ মেল।

চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ এই বিশেষ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি শিক্ষা বিভাগত ৭৬৭ গৰাকী শিক্ষকক দিয়া হ’ব নিযুক্তি।

গুৱাহাটী মহানগৰীৰ তিনিঠাই ক্ৰমে, আদাবাৰী, বৰিপাৰা আৰু শুক্ৰেশ্বৰত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ৩খন পদ-পথ সেঁতু।

সোণাপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাই উদ্বোধন কৰিব মাদাৰ বৃদ্ধাবাসৰ নতুন গৃহ।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ এই ১০০ টা দিনত ড্ৰাগছ বিৰোধী অভিযান, গো-সুৰক্ষা বিধেয়কক চৰকাৰৰ সফলতা বুলি দাবী কৰা হৈছে। সমান্তৰালকৈ সীমা সমস্যাই অস্বস্তিত পলাইছে চৰকাৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.