Socialআন্তঃৰাষ্ট্ৰীয়বিজ্ঞানভাৰত

মাত্ৰ চৈধ্য বছৰ বয়সতে NASAৰ পেনেলত অংশগ্ৰহণ ভাৰতীয় কিশোৰীৰ

নাছাৰ MSI ফেল'শ্বিপৰ ভাৰ্ছুৱেল পেনেলত অংশ ল'বৰ বাবে নিৰ্বাচিত হয় দীক্ষা

এজনী ১৪ বছৰীয়া কণমানি। মাত্ৰ ১৪ বছৰ বয়সতে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ দীক্ষা সিন্ধেই নাছাই আয়োজন কৰা পেনেলত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে।

নাছাৰ MSI ফেল’শ্বিপৰ ভাৰ্ছুৱেল পেনেলত অংশ ল’বৰ বাবে নিৰ্বাচিত হয় দীক্ষা। নিচেই কম বয়সতে নাছাৰ দৰে এটা আন্তৰ্জাতিক সংস্থাৰ সৈতে জড়িত হ’বলৈ পোৱা দীক্ষাৰ এয়া প্ৰথম চেষ্টা নহয়। ইয়াৰ পূৰ্বেও চেষ্টা অব্যাহত ৰাখিছিল সিন্ধেই।

https://twitter.com/ANI/status/1428336372226478080

সিন্ধেই কয় যে, ‘মই ব্লেক হোলছ আৰু ভগৱানৰ ওপৰত এটা তত্ত্ব লিখিছিলো। তিনিবাৰৰ চেষ্টাৰ অন্তত নাছাই এই তত্ত্ব গ্ৰহণ কৰে। তেওঁলোকে মোক তেওঁলোকৰ ৱেবছাইটৰ বিষয়ে লিখিবলৈ কৈছিল’।

দীক্ষা সিন্ধেৰ এই সফলতাই এতিয়া হাঁহি বিৰিঙাইছে বহুতৰে মুখত। মাত্ৰ ১৪ বছৰ বয়সতে নাছাৰ দৰে এটা সংস্থাই আয়োজন কৰা অনুষ্ঠানত অংশ ল’বলৈ সুবিধা পোৱাটো ভাৰতবাসীৰ বাবে সুখবৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.