মাত্ৰ চৈধ্য বছৰ বয়সতে NASAৰ পেনেলত অংশগ্ৰহণ ভাৰতীয় কিশোৰীৰ
নাছাৰ MSI ফেল'শ্বিপৰ ভাৰ্ছুৱেল পেনেলত অংশ ল'বৰ বাবে নিৰ্বাচিত হয় দীক্ষা
এজনী ১৪ বছৰীয়া কণমানি। মাত্ৰ ১৪ বছৰ বয়সতে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ দীক্ষা সিন্ধেই নাছাই আয়োজন কৰা পেনেলত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে।
নাছাৰ MSI ফেল’শ্বিপৰ ভাৰ্ছুৱেল পেনেলত অংশ ল’বৰ বাবে নিৰ্বাচিত হয় দীক্ষা। নিচেই কম বয়সতে নাছাৰ দৰে এটা আন্তৰ্জাতিক সংস্থাৰ সৈতে জড়িত হ’বলৈ পোৱা দীক্ষাৰ এয়া প্ৰথম চেষ্টা নহয়। ইয়াৰ পূৰ্বেও চেষ্টা অব্যাহত ৰাখিছিল সিন্ধেই।
Maharashtra | Diksha Shinde, a 14-yr-old girl in Aurangabad, was selected as a panellist on NASA's MSI Fellowships Virtual Panel.
"I wrote a theory on black holes & God. It was accepted by NASA after 3 attempts. They asked me to write articles for their website,"she said (18.08) pic.twitter.com/yxDqApWKWm
— ANI (@ANI) August 19, 2021
সিন্ধেই কয় যে, ‘মই ব্লেক হোলছ আৰু ভগৱানৰ ওপৰত এটা তত্ত্ব লিখিছিলো। তিনিবাৰৰ চেষ্টাৰ অন্তত নাছাই এই তত্ত্ব গ্ৰহণ কৰে। তেওঁলোকে মোক তেওঁলোকৰ ৱেবছাইটৰ বিষয়ে লিখিবলৈ কৈছিল’।
দীক্ষা সিন্ধেৰ এই সফলতাই এতিয়া হাঁহি বিৰিঙাইছে বহুতৰে মুখত। মাত্ৰ ১৪ বছৰ বয়সতে নাছাৰ দৰে এটা সংস্থাই আয়োজন কৰা অনুষ্ঠানত অংশ ল’বলৈ সুবিধা পোৱাটো ভাৰতবাসীৰ বাবে সুখবৰ।