গুৱাহাটীত উপস্থিত হৈ কমনৱেলথৰ অভিজ্ঞতাৰ বিষয়ে কি ক’লে হিমা দাসে?
প্ৰতিটো মাইক্ৰ চেকেণ্ডৰ মূল্য বহুত বেছি! হিমাক কমনৱেলথ গেমছে শিকালে সময়ৰ মূল্য কি৷ কমনৱেলথ গেমছত অংশ গ্ৰহণ কৰা অৰ্জুন হিমা দাসে গুৱাহাটীত উপস্থিত হৈ সম্বোধন কৰে সংবাদমেল
![গুৱাহাটীত উপস্থিত হৈ কমনৱেলথৰ অভিজ্ঞতাৰ বিষয়ে কি ক’লে হিমা দাসে? গুৱাহাটীত উপস্থিত হৈ কমনৱেলথৰ অভিজ্ঞতাৰ বিষয়ে কি ক’লে হিমা দাসে?](https://prathamkhabartv.com/wp-content/uploads/2022/08/hima-das.jpg)
গুৱাহাটীত উপস্থিত হৈ কমনৱেলথৰ অভিজ্ঞতাৰ বিষয়ে কি ক’লে হিমা দাসে?
প্ৰতিটো মাইক্ৰ চেকেণ্ডৰ মূল্য বহুত বেছি! হিমাক কমনৱেলথ গেমছে শিকালে সময়ৰ মূল্য কি৷ কমনৱেলথ গেমছত অংশ গ্ৰহণ কৰা অৰ্জুন হিমা দাসে গুৱাহাটীত উপস্থিত হৈ সম্বোধন কৰে সংবাদমেল। কমনৱেলথ গেমছৰ অভিজ্ঞতা প্ৰকাশ হিমা দাসৰ।
আঘাট, কভিদৰ ভয়াবহ পৰিবেশৰ দুটা বছৰৰ পিছত খেলিছে হিমা দাসে৷ কমনৱেলথত ফাইনেল পাবলৈ সক্ষম নহ’ল যদিও অভিজ্ঞতা বহুত হ’ল হিমাৰ। ৰিলেত ৫ নম্বৰ স্থানত আছিল হিমাৰ দল। হিমাৰ বাবে প্ৰতিখন খেলেই গুৰুত্বপূৰ্ণ৷ হিমাৰ বাবে জিলা ভিত্তিক খেলখনো অলিম্পিকৰ দৰেই গুৰুত্বপূৰ্ণ৷
২০১৮ চনৰ পিছত ভাল খেল খেলিব নোৱাৰাৰ বাবে সমালোচনাৰে থকা সৰকা হৈছিল হিমা দাস। এই সমালোচনাৰ প্ৰত্যুত্তৰ হিমাৰ। হিমাৰ মন্তব্য মই কেতিয়াও শেষ হৈ নাজাও: হিমা দাস, মই দুৰ্বল নহয়:হিমা দাস…
এতিয়া কেইদিনমানৰ বাবে পৰিয়ালৰ সৈতে সময় কটাব অৰ্জুন হিমা দাসে। তাৰ পাছত পুনৰ অনুশীলনত ব্যস্ত হৈ পৰিব ধিং এক্সপ্ৰেছ হিমা।