অসমগুৱাহাটীদৈনিক বাতৰিভাৰতশিক্ষা

বাক্সাৰ দলবাৰীৰ একলব্য আদৰ্শ আবাসিক বিদ্যালয়ত উত্তেজনাময় পৰিৱেশ…

বাক্সাৰ দলবাৰীৰ একলব্য আদৰ্শ আবাসিক বিদ্যালয়ত উত্তেজনাময় পৰিৱেশ।

২০১৩ চনত এটা NGOৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়খন যোৱা ১৪ জুলাইত অসম চৰকাৰৰ অধীনতলৈ আহে।

ইয়াৰ পিছতে  বিগত ১০ বছৰে কৰ্মৰত শিক্ষকক আতৰাই নতুন শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰে বাক্সা জিলা প্ৰশাসনে।

পৰিণতি এতিয়া পাঠদানৰ পৰা আতৰাই ৰখা হৈছে পূৰ্বৰ ৩২ গৰাকী শিক্ষকক।

ইয়াকে লৈ পনবন্দী হৈ পৰিছে ৪৮০গৰাকী শিক্ষাৰ্থী।

ফলস্বৰূপে শিক্ষাৰ্থীসকলক আন বিদ্যালয়লৈ স্থানান্তৰ কৰিব বিচৰাত বিদ্যালয়খনত সৃষ্টি হয় উত্তেজনাময় পৰিৱেশ।

বিদ্যালয়খনত উত্তেজনাপূৰ্ণ পৰিৱেশ সৃষ্টি হোৱাত জিলা উপায়ুক্ত, জিলা শিক্ষা বিষয়া, আৰক্ষীৰে ভৰি পৰে বিদ্যালয় চৌহদ।

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক আৰু অভিভাৱকসকলেও প্ৰশাসনৰ এনে কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.