অসম

বৰফৰ শুভ্ৰ দলিচাই আৱৰিলে উজনি অসম। অসমতে থাকি কাশ্মীৰ, মানালীৰ আমেজ ল’লে উজনিবাসীয়ে

মৰাণৰ ৰাজপথত শুভ্ৰ দলিচা

পুহমহীয়া শীতৰ প্ৰকোপত কঁপিছে অসম। ঠায়ে ঠায়ে প্ৰৱল শিলাবৃষ্টিয়ে ধৰালৈ নমাই আনিছে শীত। শীতৰ বোকোচাত হিমচেঁচা অনুভৱৰ বাবে ৰৈ থকা ৰাইজৰ অপেক্ষাৰ অন্ত পেলাই ধৰালৈ নামি আহিল শীত। উমাল বস্ত্ৰ অথবা ডকমকীয়া জুইকুৰাৰ কথা মনত পেলাই আহি পালে শীত। শীতৰ মাজতে মৰাণত প্ৰচণ্ড শিলাবৃষ্টি৷ বৰফৰ শুভ্ৰ আচ্ছাদনে আবৃত কৰি তুলিলে মৰাণ আৰু ডিমৌৰ কাষৰীয়া ধেমেচী অঞ্চলৰ পথ, উপপথ, ঘৰ- পথাৰ সকলো। ঠেৰেঙা লগা জাৰত স্তব্ধ হৈ পৰিছে জনজীৱন। শীতৰ পৰা পৰিত্ৰাণ পাবলৈ লৈছে জুইৰ উম। মৰাণত নিশা অহা প্ৰবল শিলাবৃষ্টিয়ে মৰাণৰ ৰাজপথত পাৰি দিছে শুভ্ৰ দলিচা। নৱবৰ্ষৰ প্ৰাকক্ষণত পুৱতি নিশাৰ পৰা অস্বাভাৱিকভাৱে বৰফৰ বৰষুণে আৱৰি ধৰিলে সমগ্ৰ মৰাণ অঞ্চল। অস্বাভাৱিক পৰিৱেশ দেখি চিন্তিত হৈ পৰিছে মৰাণবাসী। কিন্তু এই বৰফৰ শুভ্ৰ দলিচাত আপোন মনে খেলিছে শিশুসকলে। যদিও চিন্তিত তথাপিও পূৰ্বে অসমত নেদেখা সৌন্দৰ্য উপভোগ কৰিছে ৰাইজে। পুৱাই মৰাণৰ ৰাজপথলৈ ওলাই আহিল ৰাইজ। এজাক পাতলীয়া বৰষুণৰ পাছতে মৰাণৰ বিস্তৃত অঞ্চল হৈ পৰিছিল বগা বৰফেৰে আবৃত। ৰাজপথলৈ ওলাই আহিছে ৰাইজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.