বলিউডমনোৰঞ্জন

ঋষি কাপুৰৰ নাতিনীয়েকক দেখি স্তম্ভিত অনুৰাগী

ঋষি কাপুৰৰ নাতিনী সমৰা এতিয়া ডাঙৰ হৈছে

বলিউডৰ এজন জনপ্ৰিয় অভিনেতা হৈছে ঋষি কাপুৰ। অভিনেতাজনৰ পত্নী নীতু সিঙ আৰু পুত্ৰ ৰণবীৰ কাপুৰ প্ৰায়ে সামাজিক মাধ্যমত চৰ্চাত থাকে যদিও ঋষি কাপুৰৰ কন্যা ৰিদ্ধিমা কাপুৰক কেতিয়াবা হে দেখা যায় কেমেৰাৰ সন্মূখত। ঘৰৰ আন পৰিয়ালৰ দৰে ৰিদ্ধিমাই ছবিজগতত কেৰিয়াৰ নগঢ়ি গহনা ব্যৱসায়ত মনোনিৱেশ কৰে। ব্যৱসায়ী ভাৰত সাহনীৰ সৈতে বিবাহপাশত আবদ্ধ হয় ঋষি কাপুৰৰ কন্যা ৰিদ্ধিমা কাপুৰ। ৰিদ্ধিমাৰ এগৰাকী কন্যাও আছে যাৰ নাম সমৰা। ঋষি কাপুৰৰ নাতিনী সমৰা এতিয়া ডাঙৰ হৈছে আৰু দেখাত বহুত ধুনীয়া হৈছে। বৰদিনৰ এখন ফটোত দেউতাক ভাৰত সাহনী আৰু মাতৃ ৰিদ্ধিমা কাপুৰৰ সৈতে দেখা গৈছে সমৰাক। সমৰাক দেখি অনুৰাগীৰ চকু তাইৰ ওপৰত নিবদ্ধ হৈ পৰিছে। দেখাত কাপুৰ পৰিয়ালৰ লগত মিল আছে সমৰাৰ।

 

 

উল্লেখ্য যে, ঋষি কাপুৰ আছিল এজন চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক। শিশু শিল্পী হিচাপে ছবিজগতত আত্মপ্ৰকাশ কৰা ঋষি কাপুৰে ১৯৭৪ চনত ববী ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটাৰ লগতে ২০০৮ চনত ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটাৰ লগতে অন্যান্য বঁটাও লাভ কৰে। ১৯৭০ চনত তেওঁৰ প্ৰথমখন ছবি মেৰা নাম জোকাৰত শিশু শিল্পী হিচাপে উজ্জ্বল অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 6 =

Back to top button