অসমপৰিৱেশবতৰ

একাংশৰ বাবে অভিশাপ স্বৰূপ উজনিৰ শিলাবৃষ্টি

উজনিত শিলাবৃষ্টিৰ ভয়ংকৰ ৰূপ

পুহমহীয়া শীতৰ প্ৰকোপত কঁপিছে অসম। শীতৰ মাজতে মৰাণত প্ৰচণ্ড শিলাবৃষ্টি। নৱবৰ্ষৰ প্ৰাকক্ষণত পুৱতি নিশাৰ পৰা অস্বাভাৱিকভাৱে বৰফৰ বৰষুণে আৱৰি ধৰিলে সমগ্ৰ মৰাণ অঞ্চল। নিশা মৰাণ আৰু ডিমৌৰ কাষৰীয়া ধেমেচী অঞ্চলত হোৱা প্ৰচণ্ড শিলাবৃষ্টিয়ে ৰাজপথত পাৰি দিছে শুভ্ৰ দলিচা। সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে মৰাণৰ শুভ্ৰ দলিচাৰ ছবি, ভিডিঅ’। এইসকলোবোৰে সকলোকে আনন্দ দিছে যদিও একাংশৰ বাবে এই শিলাবৃষ্টি আছিল অভিশাপস্বৰূপ। এই শিলাবৃষ্টিৰ ফলত বহু সংখ্যকৰ ঘৰ ভাঙি তচনচ হ’ল, টিন ফুটি মজিয়াত পানী সোমাল। খেতিয়কৰ কষ্টৰে শ্যামলা হোৱা শস্যলৈকে সকলো নিমিষতে শেষ কৰি পেলালে এই শিলাবৃষ্টিয়ে। অকল এয়াই নহয় এই শিলাবৃষ্টিজাকে জীৱকুললৈ কঢ়িয়াই আনিলে বিপদ। কেইটাও পক্ষীয়ে সাবটি ল’লে মৃত্যুক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × five =

Back to top button