অসমধৰ্মীয়ধাৰ্মিকভাৰতসংস্কৃতি

আজি পৱিত্ৰ জন্মাষ্টমী, চাওক জন্মাষ্টমীৰ বিষয়ে সবিশেষ

আজিৰ দিনটোতে ভগৱান বিষ্ণুৰ আষ্টম অৱতাৰৰ জন্ম হৈছিল

আজি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি৷ এই পৱিত্ৰ দিনটোতে দুষ্টক দমনৰ লগতে পৃথিৱীবাসীক ৰক্ষা কৰি শুদ্ধ মাৰ্গ প্ৰদৰ্শনৰ অৰ্থে আবিৰ্ভাৱ হৈছিল বিশ্ব জগতৰ প্ৰভু নাৰায়ণ ৷

আজি পৱিত্ৰ জন্মাষ্টমী, চাওক জন্মাষ্টমীৰ বিষয়ে সবিশেষ

জন্মাষ্টমী হিন্দু ধৰ্মৰ এটা উৎসৱ। হিন্দু ধৰ্মালম্বী লোকৰ মতে, আজিৰ দিনটোত ভগৱান বিষ্ণুৰ আষ্টম অৱতাৰৰ জন্ম হৈছিল। হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। জন্মাষ্টমীক কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।

আজি পৱিত্ৰ জন্মাষ্টমী, চাওক জন্মাষ্টমীৰ বিষয়ে সবিশেষ

বিভিন্ন ঠাইত বিভিন্ন পদ্ধতিৰে জন্মাষ্টমী পালন কৰা হয়। মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত নাটকীয় উপস্থাপন ৰ দিনা ৰাসলীলা কৰা হয়। ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড নাটকীয় পদ্ধতিৰে উপস্থাপন  কৰা হয়। তাৰ বিপৰীতে বিভিন্ন ঠাইত জন্মাষ্টমী উপলক্ষে দহি-হান্দিৰ আয়োজন কৰা হয়। দহি-হান্দিৰ প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য’ত কেইবাজনো ল’ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। আনহাতে, কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্‌যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়।

মাতৃ দৈৱকীৰ গৰ্ভত অৱস্থান কৰি যশোদাৰ উকা আঁচল পুৰাবলৈ এই দিনটোতে ধৰালৈ আগমণ ঘটিছিল শিশু কৃষ্ণৰ৷

আজি পৱিত্ৰ জন্মাষ্টমী, চাওক জন্মাষ্টমীৰ বিষয়ে সবিশেষ

হিন্দুশাস্ত্ৰ মতে, দৈৱকীৰ ককাকয়েক কংসই নিজৰ আত্মীয় সকলক বন্দী কৰি মথুৰাৰ ৰাজ সিংহাসনত আৰোহণ কৰিছিল৷ কংসই আকাশবাণীযোগে জানিব পাৰিছিল যে তেওঁৰ ভগ্নী দৈৱকীৰ গৰ্ভত ধাৰণ কৰা অষ্টম সন্তানৰ হাততে লিখা আছে তেওঁৰ মৃত্যু৷ তাৰ পাছতে নিজ ভগ্নী দৈৱকী আৰু তেওঁৰ স্বামী বসুদেৱক কাৰাৰুদ্ধ কৰি কংসই এটি এটিকৈ হত্যা কৰিছিল দৈৱকীৰ সন্তান সমূহক৷ তেনেদৰেই কংসৰ আতিশয্যৰ মাজতে দৈৱকীয়ে গৰ্ভত ধাৰণ কৰে কৃষ্ণ৷ কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। পুৰণি পুথিৰ বৰ্ণনা আৰু জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি কৃষ্ণৰ জন্মৰ তাৰিখ হৈছে খ্ৰীষ্টপূৰ্ব ৩২২৮ চনৰ ১৮ জুলাই। কৃষ্ণৰ জীৱনত আহিবলগীয়া সংকটৰ প্ৰতি লক্ষ্য ৰাখি পিতৃ বসুদেৱে জন্মৰ নিশাই তেওঁক থ’লেগৈ গকুলত৷ তাৰ পাচৰ পৰাই গকুলৰ প্ৰধান নন্দ-যশোদাৰ কোলাতে লালন পালন হৈছিল শিশু কৃষ্ণ৷

আজি পৱিত্ৰ জন্মাষ্টমী, চাওক জন্মাষ্টমীৰ বিষয়ে সবিশেষ

তাৰ পাছৰে পৰা মাখন চুৰিৰ দুষ্টামি, কালীয় দমন, গোবৰ্ধন পৰ্বতক নিজ আঙুলিত লৈ সমগ্ৰ বৃন্দাৱনকে ৰক্ষা কৰালৈ শিশু কৃষ্ণৰ বহু অলৌকিক কাৰ্যকলাপ আদিৰ আখ্যান বৰ্তমানেও প্ৰচলিত আমাৰ সমাজত।

আজি পৱিত্ৰ জন্মাষ্টমী, চাওক জন্মাষ্টমীৰ বিষয়ে সবিশেষ

অসমতো এই দিনটোৰ বহু তাৎপৰ্য আছে৷ বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ মাজত বহু সমাদৃত এই দিন৷ কৃষ্ণ জন্মাষ্টমী উপলক্ষে অসমৰ ভিন্ন প্ৰান্তত থকা বৈষ্ণৱ ধৰ্মাৱলম্বী নামঘৰ সমূহ আজি মুখৰিত হৈ পৰিব কৃষ্ণৰ গুণানুকীৰ্তনেৰে৷ আকাশে বতাহে বিয়পি পৰিব হৰি নামৰ অমিয়া সুৰ৷

আজি পৱিত্ৰ জন্মাষ্টমী, চাওক জন্মাষ্টমীৰ বিষয়ে সবিশেষ

জন্মাষ্টমী উপলক্ষে অসমৰ বিভিন্ন সত্ৰ, নামঘৰত অনুস্থিত হয় জন্মাষ্টমীৰ আয়োজন। এই নাম প্ৰসংগ পিছৰ দিনৰ ৰাতিপুৱালৈকে চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায়। পূৰ্ব পুৰুষ সকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে।

কৃষ্ণ জন্মাষ্টমীৰ এই পবিত্ৰ ক্ষণত শতকোটি নমন পৃথিৱীৰ ত্ৰাণকৰ্তা গৰাকীলৈ৷

আজি পৱিত্ৰ জন্মাষ্টমী, চাওক জন্মাষ্টমীৰ বিষয়ে সবিশেষ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 4 =

Back to top button