AssamDurga pujaleatest updateSocialঅসমদৈনিক বাতৰি

এইবাৰ মা দুৰ্গা কিহত আহিব? কিহত যাব?

ধৰালৈ আহিছে দুৰ্গতিনাশিনী

মহালয়াৰেই আৰম্ভ শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণি। ধৰালৈ আগমণ কৰা দেৱীক আৰাধনাৰ বাবে পুৱাতেই সকলো সাজু। ভক্তৰ মাজতো ব্যাপক উছাহ। মহালয়াৰ আছে বিশেষ তাৎপৰ্য । মহালয়াৰ  পৰাই আৰম্ভ হয়  মাতৃ পক্ষ।  অৰ্থাৎ আৰম্ভ হয়  মাতৃ পূজা । মূলত মহালয়াৰ দিনটোৰ পৰাই দুৰ্গাপূজাৰ আনুষ্ঠানিক আৰম্ভণি হয় বুলি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে।আজিৰ পৰা নৱৰাত্ৰি আৰম্ভ হয় ।কথিত আছে যে আজিৰ পৰাই মহিষাষুৰৰ লগত দুৰ্গা মাৰ যুদ্ধ আৰম্ভ হৈছিল। মহালয়াৰ পিছত প্ৰতিপদ তিথিৰ পৰা দেৱী বন্দনা আৰম্ভ হয় যাক দেৱী পক্ষ বুলি কোৱা হয়। ৰামায়ণৰ মতে এই অমৱস্যা তিথিত সীতাই লংকা জয় কৰাৰ আগতে পূৰ্বপুৰুষৰ তৰ্পন কৰিছিল। তৰ্পন কৰাৰ উপৰিও তেওঁ দুৰ্গা দেৱীক পূজা কৰিছিল, সেয়েহে শৰৎকালত দেৱী দুৰ্গাৰ বোধনক অকালবোধন বুলি কোৱা হয়।  লোক বিশ্বাস অনুসৰি মহালয়াত মা দুৰ্গা ধৰালৈ নামি আহে আৰু দশমী তিথি পৰ্যন্ত ধৰাত থাকে। প্ৰত্যেক বছৰে দুৰ্গা দেৱীৰ আগমণ আৰু গমন বেলেগ বেলেগ হয়। এইবাৰ মা দুৰ্গাৰ আগমণ হৈছে দোলাত আৰু গমন ঘোঁৰাত। মা দুৰ্গা ধৰালৈ যেতিয়া দোলাত আহে আৰু ঘোঁৰাত যায় এই দুয়োটাই আমাৰ সমাজ জীৱনৰ বাবে শুভ নহয় বুলি গণ্য কৰা হয়। ২ অক্টোবৰৰ মহালয়াতেই ধৰাৰ বুকুলৈ আগমন হ’ব দেৱী দুৰ্গাৰ। মহালয়াৰ পৰাই আৰম্ভ হ’ল পূজা পূজা লগা বতৰ। শাৰদীয় দুৰ্গোৎসৱৰ বতৰ। কিয়নো পূজালৈ
মাজত মাথোঁ ৯টা দিন বাকী। ৯ অক্টোবৰত ষষ্ঠী। ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাক। ষষ্ঠীত বেদীত বহা দেৱীক বিদায় দিয়া হ’ব বিজয়াৰ সন্ধ্যাত। দেৱীৰ আগমনৰ বাবে ক’ত যে অপেক্ষা আৰু বিজয়াৰ বিসৰ্জনত বুকু ভৰা দুখ… এয়াই দুৰ্গোৎসৱ। আহিনৰ উৎসৱ… শৰতৰ উৎসৱ। সেয়ে মহালয়াক লৈ মানুহৰ হেঁপাহ… ভক্তৰ প্ৰতীক্ষা। শৰৎ, শেৱালি, নিয়ৰ, ভিজা-ভিজা আহিনৰ সৈতে পূজাৰ উছাহ এক হৈ যোৱাৰ হেঁপাহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.