অসমজীৱনশৈলীধৰ্মীয়ধাৰ্মিকভাৰত

 কৃষ্ণ জন্মাষ্টমীত ব্ৰত ৰখাসকলে কৰক এইকেইটা কাম, জীৱনলে আহিব সুখ আৰু সমৃদ্ধি

সুখ আৰু সমৃদ্ধিৰ বাবে জন্মাষ্টমীত শ্ৰীকৃষ্ণক এনেদৰে উপাসনা কৰক...

যদি আপুনি সুখ আৰু সমৃদ্ধি বিচাৰিছে তেন্তে জন্মাষ্টমীত শ্ৰীকৃষ্ণক এনেদৰে উপাসনা কৰক

পঞ্জিকা অনুসৰি, ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমীৰ দিনা ৰোহিণী নক্ষত্ৰত জন্মাষ্টমী পালন কৰা হয়। কৃষ্ণ জন্মাষ্টমী উৎসৱ প্ৰতি বছৰে আগষ্টৰ মাজভাগৰ পৰে।

কৃষ্ণ জন্মাষ্টমীত ব্ৰত ৰখাসকলে জন্মাষ্টমীৰ দিনা প্ৰথম পৰ্যায়ত প্ৰয়োজনীয় উপকৰণ, দুৰ্বা, ধূপ, চাকি, নৈবেদ্য, পঞ্চগব্য, পঞ্চগুড়ি, বালি, পঞ্চবৰ্ণ, ফুল, আতপ চাউল, ফলৰ  তুলসী পাত, আবিৰ, মৌ, আসন আদি সংগ্ৰহ কৰিব লাগে। কৃষ্ণৰ ভোগৰ বাবে মাখন আৰু মিছড়িৰ ভোগ দান কৰিব লাগে। তুলসী পাত কৃষ্ণৰ অতি প্ৰিয়। সেয়েহে ভোগৰ সৈতে তুলসী পাত দিয়াটো জৰুৰি৷

জন্মাষ্টমীৰ দিনা ৰাতিপুৱাৰ পৰাই ঘৰত নাম কিৰ্তন কৰিব লাগে। ১০ টা শিশুক মাখন খুৱাবলৈ নাপাহৰিব। ঘৰত শিশু থাকিলে তেওঁলোকক উপহাৰ দিয়ক।

এই বছৰ জন্মাষ্টমী ৩০ আগষ্ট, সোমবাৰে অনুষ্ঠিত হ’ব আৰু ৩১ আগষ্ট, মঙলবাৰে পুৱা ৯:৩০ বজাত সমাপ্ত হ’ব। অষ্টমীৰ তিথি সোমবাৰে দুপৰীয়া ১:৫৯ বজাত সমাপ্ত হ’ব। ৰোহিণী নক্ষত্ৰ পুৱা ৮:৩৯ বজাত আৰম্ভ হ’ব। সোমবাৰে ১১:৫৯ বজাৰ পৰা ১১:৪৪ বজালৈ শুভ যোগ থাকিব। অৱশ্যে মঙলবাৰে পুৱা ৯:৪৪ বজালৈ উপবাস পালন কৰিব পাৰিব।

জন্মাষ্টমীৰ দিনা গোসাঁইক গাখীৰেৰে নোওৱা হয়। নতুন বস্ত্ৰ আৰু ভূষণেৰে সজোৱা হয়। কৃষ্ণৰ আপ্যায়নৰ বাবে লাড়ু, পিঠা, পায়সৰ পৰা আৰম্ভ কৰি নানা পৰমান্ন প্ৰস্তুত কৰা হয়।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − ten =

Back to top button