অসমআঞ্চলিক

‘মই নিজে গোমোচা বম বুলি মন বান্ধি লৈছো, ৪ টা দিনত এখন গামোচা মই নিজে বম’-আঙুৰলতা ডেকা

লতাশিল খেলপথাৰত ৪ দিনীয়াকৈ আয়োজন কৰা হৈছে বয়ন কৰ্মশালা।

লতাশিল খেলপথাৰত ৪ দিনীয়াকৈ আয়োজন কৰা হৈছে বয়ন কৰ্মশালা। অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত আৰু হস্ততাত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ তত্বাৱধানত আয়োজন কৰা হৈছে এই কৰ্মশালাৰ। নৱ প্ৰজন্মক বয়ন শিল্পীৰ সৈতে একাত্ম কৰিবলৈ আৰু বয়ন শিল্পীক জনপ্রিয় কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই কৰ্মশালাৰ।

এই কৰ্মশালাত থাকিব ২০ খন তাতশালৰ লগতে ১০ গৰাকী প্ৰশিক্ষক। বৃহস্পতিবাৰে হেমপ্ৰভা চুটীয়াই উদ্বোধন কৰিব এই অনুষ্ঠানৰ। কৰ্মশালাৰ জৰিয়তে৪ দিনত ২০০ গামোচা তৈয়াৰৰ লক্ষ্য। অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই সংবাদমেলযোগে ঘোষণা কৰে এই কথা।

লগতে আঙুৰলতাই কয়- ‘গামোচাখন আচলতো সকলোৱে বৱ জানে কিন্তু একৰ পৰা এশ লৈকে processটো ক’ব দিলে কোনো নাজানে। মই নিজে গোমোচা বম বুলি মন বান্ধি লৈছো, ৪ টা দিনত এখন গামোচা মই নিজে বম।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.