দুৰ্ঘটনাভাৰত

অমৃতসৰত ক’লা মেঘ! ভয়ংকৰ অগ্নিকাণ্ড গুৰু নানক দেৱ চিকিৎসালয়ত

শনিবাৰে দুপৰীয়া ২ বজাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়

অমৃতসৰৰ গুৰু নানক দেৱ চিকিৎসালয়ত শনিবাৰে দুপৰীয়া ২ বজাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

 

জুই লগাৰ লগে লগে চিকিৎসালয়খনৰ চাৰিওফালে সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। জুই বিয়পি পৰাৰ ফলত চিকিৎসালয়ৰ ৬০০জনৰো অধিক ৰোগীক স্থানান্তৰ কৰিব লগীয়া হয়।

অগ্নিকাণ্ডৰ বিষয়ে খবৰ দিয়াৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

 

বৰ্তমানলৈ ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। সকলো ৰোগী সম্পূৰ্ণৰূপে সুৰক্ষিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.