অসমগুৱাহাটীদৈনিক বাতৰি

মহানগৰীৰ নুনমাটি ৰে’ল লাইনত অঘটন, ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা তেল পৰিবাহী ৰেল

মহানগৰীৰ নুনমাটি ৰে’ল লাইনত অঘটন, ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা তেল পৰিবাহী ৰেল

মহানগৰীৰ নুনমাটি ৰে’ল লাইনত অঘটন। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা তেল পৰিবাহী ৰেল। নুনমাটি ৰেল লাইনৰ ঘাইপথৰ পৰা গুৱাহাটী শোধনাগাৰলৈ প্ৰৱেশ কৰা ৰে’লৱে ট্রেকত ফাঁট। তেল পৰিবাহী ৰে’লখন পাৰ হোৱাৰ সময়তে চালকৰ দৃষ্টিত ধৰা পৰে ট্ৰেকট এটা বৃহৎ ফাঁট।

এক সম্ভাব্য দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰি চালকজনে তৎপৰতাৰে ৰখাই দিয়ে ৰে’লখন। এঘণ্টাৰো অধিক সময় ধৰি ৰে’লখন ৰখাই থোৱাত চানমাৰি আৰু নাৰেংগী অভিমুখী পথটোৰ দুয়ো দিশে সৃষ্টি হয় ভয়াৱহ যানজঁটৰ। অৱশেষত ঘটনাস্থলীত ৰে’ল কৰ্মচাৰী উপস্থিত হৈ ৰে’ল লাইনটো মেৰামতি কৰাতহে মুকলি হয় পথটো। তীব্ৰ যানজঁটৰ বাবে অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি হয় পথচাৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.