অপৰাধঅসম

জঘন্য! পিতৃ-মাতৃয়ে ৬০০০টকাৰ বাবেই বিক্ৰী কৰিলে নিজ সন্তানক

গহপুৰত চিকিৎসালয়ৰ পৰা বিক্ৰী হ’ল নৱজাতক!

জঘন্য! পিতৃ-মাতৃয়ে ৬০০০টকাৰ বাবেই বিক্ৰী কৰিলে নিজ শিশুক

গহপুৰত চিকিৎসালয়ৰ পৰা বিক্ৰী হ’ল নৱজাতক! পাষান পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে সন্তানক৷ ক্ৰেতাসহ আটক পিতৃ-মাতৃ৷
শিশু কিনিবলৈ আহি ৰঙাঘৰৰ আলহি হ’ল লখিমপুৰ ৰাম মন্দিৰৰ এজন পুজাৰী ৷ ঘটনা অনুযায়ী গহপুৰৰ চৰকাৰী চিকিৎসালয়ৰ পৰা বিক্ৰী হৈছে নৱজাতক শিশুটি ৷ বিক্ৰী কৰি মৃত্যু হোৱা বুলি গাঁৱত কোৱাৰ পিছতেই গাঁৱৰ ৰাইজৰ মাজত সৃষ্টি হৈছে সন্দেহৰ। কিমান নিদাৰুন হ’লে নিজ পিতৃ-মাতৃয়ে সদ্য নৱজাতকক ৬ হাজাৰত বিক্ৰী কৰিব পাৰে ভাৱক।

গহপুৰৰ মাগনি কছাৰি গাঁৱৰ চুৰেন গোড় আৰু লাকী গোড় নামৰ স্বামী-স্ত্ৰীয়ে সংঘটিত কৰিলে এই জঘন্য কাণ্ড ৷ উল্লেখ্য যে , এসপ্তাহৰ পূৰ্বে গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটি কন্যা সন্তান জন্ম দিছিল দম্পত্তিহালে৷ মহিলা গৰাকী, স্বামী আৰু চুবুৰীয়া আন এগৰাকী মহিলাৰে মিলি নৱজাতক শিশুটিক লখিমপুৰৰ লিলাবাৰীস্থিত এটা মন্দিৰৰ পূজাৰীক ৬ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে।

আনহাতে চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈ গাঁৱত সন্তানটো মৃত বুলি কয়৷ গাঁৱৰ ৰাইজে এই কথা অস্বীকাৰ কৰি গহপুৰ আৰক্ষীক অৱগত কৰে৷ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰি সন্তানটোক লখিমপুৰৰ লিলাবাৰীৰ পূজাৰীটোৰ ঘৰৰ পৰা উদ্ধাৰ কৰাৰ লগতে ঘটনাৰে জড়িত পিতৃ চুৰেন গোড় ,মধ্যস্থতাকাৰী মহিলা তুপনি গোৱলা আৰু পূজাৰী কৃষ্ণ প্ৰসাদ উপাধ্যায়ক গ্ৰেপ্তাৰ কৰে। চিকিৎসালয়ৰ পৰা কি দৰে সন্তান বিক্ৰী হ’ল এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.