AssamSportsঅসমখেলদৈনিক বাতৰিভাৰত

৩৭ সংখ্যক গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ অসমৰ প্ৰস্তুতি আৰম্ভ

৩৭ সংখ্যক গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ অসমৰ প্ৰস্তুতি আৰম্ভ

গোৱাত অনুষ্ঠিতব্য ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ অসমৰ দলীয় প্ৰস্তুতি শিবিৰ আৰম্ভ ৷ স্থান মহানগৰীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্প, আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্প আৰু পল্টনবজাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰকল্প ৷ যোৱা এক অক্টোবৰৰ পৰা চলা আবাসিক প্ৰশিক্ষণ শিবিৰটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ হাতেৰে ৷

মুঠ ২৮৮ গৰাকী খৈলুৱৈ, প্ৰশিক্ষক আৰু কৰ্মকৰ্তাই অংশগ্ৰহণ কৰা ফ্লণ্ট ৰেংকিং শিবিৰ মুঠ ২৪টা ইভেণ্ট সামৰি লোৱা হৈছে৷ ইয়াৰে পুৰুষ শাখাত ১১৬ আৰু মহিলাত আছে ১১৩ গৰাকী খেলুৱৈ ৷ ইভেণ্টসমূহ হ’ল আৰ্চাৰী, সাঁতোৰ, এথলেটিকছ, বেডমিণ্টন, বীচ্চ হেণ্ডবল, বক্সিং, টাইক্লিং, গল্‌ফ, জিমনাষ্টিক, জুডো, কালাৰিয়া পাট্টো, ল’ন বল, পোনচাকচিলাট, ৰয়িং, ছেপাক টাকৰ, স্কে সমল কলা, শ্বুটিং, স্কোৱাছ, টেবল টেনিছ, টাইকোৱানড’, ট্ৰাইথলন, ভাৰোত্তোলন, উছু আৰু যোগা৷

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আতিথ্য তথা পৃষ্ঠপোষকতাত আয়োজিত এমহীয়া প্ৰস্তুতি শিবিৰটোৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত আজিৰ উদ্বোধনী অনুষ্ঠানত বিভাগটোৰ সচিব কে জে হিলালী, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, ৰাজ্যিক সন্থাসমূহৰ সভাপতি সম্পাদককে ধৰি যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − nine =

Back to top button