
শীতৰ বতৰ। মৃদু সমীৰৰ মৌ লগা কম্পনৰ এই সময়তে পাহাৰীয়া গছবোৰে দেখুৱাই যাদুকৰী ৰূপ। প্ৰাণচঞ্চলা প্ৰকৃতিৰ বুকুত ক্ষন্তেক জিৰাবলৈ কংক্ৰীতৰ পৰিৱেশৰ পৰা নিলগলৈ ঢাপলি মেলে সকলোৱে। অস্পষ্ট কুঁৱলীৰ মাজত উষ্ম বহ্নিৰ কাষত বহি কতজনৰ ৰাতিটো কটোৱাৰ মন। আপুনি অসমৰ নিস্তব্ধ পাহাৰলৈ যাওক বা কাশ্মীৰৰ বৰফেৰে আবৃত ঢাললৈ যাওক, ভাৰতৰ শীৰ্ষ বিলাসী ৰিজ’ৰ্টসমূহে অতুলনীয় আৰাম-শান্তি আৰু সৰগীয় অনুভৱৰ সুবিধা প্ৰদান কৰে। প্ৰকৃতি আৰু ভোগ-বিলাসৰ মিশ্ৰণেৰে পাহাৰৰ চূড়াত জিৰাবৰ বাবে গুৱাহাটীৰ ঠিক কাষতে অৱস্থিত মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্ট। পাহাৰৰ মাজত অৱস্থিত মেফেয়াৰ শীতৰ আমেজ আৰু বিলাসীতাৰ বাবে উপযুক্ত ঠাই। ৩৫ একৰ মাটিত বিস্তৃত এই ৰিজৰ্টখনত আছে ২৬০ টা সুসজ্জিত কোঠা, য’ত আছে পুল, কটেজ আৰু চাহ বাগিচা। ২.২ লাখ বৰ্গফুটত বিস্তৃত বিশাল লনেৰে আগুৰি থকা ৰিজৰ্টখনত উপভোগ কৰিবলৈ পাব পাহাৰৰ মনোমোহা দৃশ্য।
এই ৰিজৰ্ট খন হৈছে গুৱাহাটী তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু আধুনিক বিলাসিতাৰ অনন্য স্থল। ৫ তৰপীয়া এই ৰিজৰ্টখন মহানগৰীৰ ব্যস্ততাৰ পৰা কিছু দূৰৈত, সোণাপুৰত অৱস্থিত। ইয়াত পোৱা যায় এটা সম্পূৰ্ণ অভিজ্ঞতা য’ত প্ৰকৃতি, সংস্কৃতি আৰু সেৱাৰ মিলনে পৰ্যটকসকলক মোহিত কৰে। ২০২৫ চনত গ্লʼবেল টুৰিজম এৱাৰ্ডত ৰিজৰ্ট খনক ভাৰতৰ শ্ৰেষ্ঠ বিলাসবহুল হোটেল হিচাপে সন্মানিত কৰা হৈছে, যি ইয়াৰ অসাধাৰণ সেৱা আৰু আতিথ্যৰ প্ৰমাণ। প্ৰাকৃতিক দৃশ্য, পক্ষীৰ কলৰব আৰু নিৰ্মল বায়ুৱে ঠাইখিনিত পৰ্যটকসকলক বিশ্ৰাম দিয়ে। লগতে পাৰ্কিং, ৱাই-ফাই আৰু ২৪ ঘণ্টা সুৰক্ষাৰ ব্যৱস্থা ৰিজৰ্ট খনত উপলব্ধ। কোঠাসমূহত আছে এয়াৰ কণ্ডিচনাৰ, ফ্লেট-স্ক্ৰীণ টিভি, মিনি-বাৰ, চাহ-কফি মেকাৰ আৰু দৈনিক হাউছকিপিংৰ ব্যৱস্থা।
খাদ্য আৰু পানীয় খাদ্যৰ বেপাৰত এই ৰিজৰ্টখন অসাধাৰণ। বে লিফ ৰেষ্টুৰেণ্টত মাল্টি-কুইজিন (ভাৰতীয়, চাইনিজ, আমেৰিকান)ৰ বুফে আৰু কাৰ্ট মেনু দিয়া হয়। বেৰন এণ্ড বেৰনেছ বাৰত ককটেল আৰু লাইভ মিউজিকৰ আয়োজন থাকে। লগতে থলুৱা অসমীয়া খাদ্য যেনে থালি বা পিঠাৰ ব্যৱস্থাও আছে, যিটো স্থানীয় সংস্কৃতিৰ সৈতে জড়িত। ফিটনেছ চেন্টাৰৰ লগতে চিকিৎসাৰ সুবিধা, ৫টা আউটড’ৰ পুল, জিম, টেনিছ ক’ৰ্ট আৰু চিলড্ৰেন পাৰ্কৰ সুবিধাও ৰিজৰ্ট খনত উপলব্ধ।
ইভেন্টৰ বাবে ৭২,০০০ স্কুৱেৰ ফুটৰ ইনড’ৰ স্পেছ আৰু ২.২ লাখ স্কুৱেৰ ফুটৰ লন, পূব ভাৰতৰ সৰ্ববৃহৎ ৩০,০০০ স্কুৱেৰ ফুটৰ বেংকুৱেট হলৰ সুবিধাও আছে মেফেয়াৰত।
ৰিজৰ্টখনে লাভ কৰিছে ৪.৭/৫ (৩৩১৩ ৰিভিউ) য’ত অভ্যাগতসকলে ইয়াক “শান্ত আৰু চিত্ৰময় স্থান” বুলি আখ্যা দিছে।
মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্ট অসমৰ পৰ্যটনত এটা নতুন মাইলষ্টোন, য’ত আধুনিকতা আৰু ঐতিহ্যৰ মিলনে ভাৰতৰ উত্তৰ-পূবাঞ্চলৰ সৌন্দৰ্যক প্ৰকাশ কৰে। যদি আপুনি শান্তি আৰু বিলাসিতাৰ সন্ধানত আছে, তেন্তে এইখিনি ঠাই অৱশ্যেই পৰিদৰ্শন কৰক।


