খেলভাৰতস্বাস্থ্য

কিয় কান্দোনত ভাগি পৰিল প্ৰাক্তন অধিনায়ক কপিল দেৱ?

প্ৰাক্তন সতীৰ্থক মনত পেলাই হঠাৎ আৱেগিক হৈ পৰিল কপিল দেৱ

কান্দোনত ভাগি পৰিছে কপিল দেৱ। ধৰি ৰাখিব পৰা নাই চকুলো। সতীৰ্থক মনত পেলাই হঠাৎ আৱেগিক হৈ পৰিল কপিল দেৱ।

হৃদযন্ত্ৰ বিকল হৈ মঙলবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ যশপাল শৰ্মাই। ১৯৮৩ চনৰ বিশ্বকাপৰ খিতাপ অৰ্জনতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল যশপাল শৰ্মাই।

মঙলবাৰে পুৱা প্ৰাতঃভ্ৰমণৰ পৰা উভতি অহাৰ পাছতে হাৰ্ট এটেক হৈ মৃত্যুমুখত পৰে ক্ৰিকেটাৰগৰাকী। সতীৰ্থৰ বিয়োগৰ খবৰ পাই ক্ৰন্দনমুৱা হৈ পৰে ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন কপিল দেৱ। বন্ধুৰ সৈতে কটোৱা সুমধুৰ মুহূৰ্ত্তৰ কথা সুঁৱৰি আৱেগিক কপিল দেৱ।

উল্লেখ্য যে, সৰ্বগুণ সম্পন্ন ক্ৰিকেটাৰ যশপাল শৰ্মাই জীৱনকালত ভাৰতৰ বাবে ৩৭ খন খেল খেলাৰ লগতে ৪২ খন এদিনীয়া ক্ৰিকেট খেলি গৈছে। ১৯৮৩ৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে অৰ্জন কৰা ইনিংছৰ বাবে অনুৰাগীৰ মাজত সদায় জিলিকি থাকিব ক্ৰিকেটাৰ যশপাল শৰ্মা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.